Sports

বুকুত হাজাৰ বেদনা লৈ ছচিয়েল মিডিয়াত আবেগিক পোষ্ট দি মল্লযুঁজৰ পৰা অৱসৰ ঘোষণা বিনেশ ফোগাটৰ

নিউজ ডেক্স, ৮ আগষ্টঃ

ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাটে মল্লযুদ্ধৰ পৰা অৱসৰ ঘোষণা কৰে। পেৰিছ অলিম্পিকৰ পৰা অযোগ্য হোৱাৰ পিছৰে পৰা বিনেশ ফোগাট বহুত বিচলিত হৈছিল। বুধবাৰে মহিলাৰ ৫০ কেজি ফ্ৰীষ্টাইল মল্লযুঁজৰ সময়ত ১০০ গ্ৰামতকৈ অধিক ওজন হোৱাৰ বাবে ভিনেশ ফ’গাটক ফাইনেল মেচৰ বাবে অযোগ্য ঘোষণা কৰা হৈছিল। ফাইনেলৰ পৰা বাহিৰ হোৱা পিছতে অলিম্পিকত সোণ জয়ৰ সপোন থান-বান হৈছিল ভিনেশ ফ’গাটৰ। মল্লযুঁজাৰুগৰাকীয়ে পেৰিছ অলিম্পিক গেমছৰ পৰা বাহিৰ হোৱাৰ পিছত লাখ লাখ অনুৰাগীৰ স্তম্ভিত হৈ পৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ছ’চিয়েল মিডিয়ালৈ গৈ ভিনেশ ফ’গাটৰক সমৰ্থন আৰু উৎসাহ প্ৰদান কৰিছিল।

ভিনেশ ফ’গাটে ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত লিখিছে, ‘মা, কুস্তি জিকি গ’ল, মই হাৰি গ’লোঁ। ক্ষমা কৰিব, আপোনাৰ সপোন, মোৰ সাহস সকলো ভাগি গৈছে। ইয়াতকৈ বেছি শক্তি আৰু এতিয়া মোৰ নাই। বিদায় মল্লযুঁজ ২০০১-২০২৪। আপোনালোক সকলোৰে ওচৰত মই সদায় ঋণী হৈ থাকিম’। মল্লযুঁজৰ পৰা অৱসৰ ঘোষণা ভিনেশ ফোগাটৰ।


আনফালে ভিনেশ ফ’গাটে তেওঁৰ অযোগ্যতাক প্ৰত্যাহ্বান জনাই ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্ট (CAS)ত অভিযোগ দাখিল কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button