National

বিষাক্ত সুৰা সেৱনে মাতিলে কাল,বিষাক্ত সুৰা পান কৰি ৩৭ লোকৰ মৃত্যু!

নিউজ ডেক্স, ১৯ জুনঃ

তামিলনাডুৰ কাল্লাকুৰিচি জিলাত বিষাক্ত সুৰা সেৱন কৰাৰ পিছত কমেও ৩৭ জন লোকৰ মৃত্যু আৰু ১০০ জনৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
কল্লাকুৰিচী জিলাত সংঘটিত হৈছে এই ঘটনা। বিষাক্ত সুৰা বিক্ৰেতা কে কান্নুকুট্টিক গ্ৰেপ্তাৰ আৰক্ষীৰ। ব্যৱসায়ীজনৰ পৰা জব্দ কৰা হৈছে প্ৰায় ২০০ লিটাৰ সুৰা। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, বুধবাৰে নিশা কল্লাকুৰিচী আৰু কাষৰীয়া অঞ্চলৰ এই লোকসকলে পান কৰিছিল সুৰা। ঘৰলৈ উভতাৰ পিছতে সুৰাপান কৰা অধিকাংশ লোকেই মূৰ ঘূৰণি, মূৰৰ বিষ, বমি, পেটৰ বিষ আদিত আক্ৰান্ত হয়। লগে লগে পৰিয়ালৰ লোকে তেওঁলোকক চহৰখনৰ ব্যক্তিগত আৰু কল্লাকুৰিচী চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায়৷
ষ্টালিনে কয়, ‘‘যদি জনসাধাৰণে এনে অপৰাধত জড়িত লোকৰ বিষয়ে তথ্য দিয়ে তেন্তে তৎকালে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। সমাজ ধ্বংস কৰা এনে অপৰাধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’’
কল্লাকুৰিচীৰ জিলা কালেক্টৰ এম এছ প্ৰশান্তই জিলাৰ চৰকাৰী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন ৰোগীৰ খৱৰ লয়। মুখ্যমন্ত্ৰী এম কে ষ্টালিনে এই ঘটনাত দুখ প্ৰকাশ কৰি কয়, ‘‘কল্লাকুৰিচীত বিষাক্ত সুৰা সেৱন কৰি মৃত্যুৰ খৱৰ শুনি অত্যন্ত দুঃখিত। এই ঘটনাত জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। অবৈধ সুৰাৰ বেহা ৰোধ কৰাত ব্যৰ্থ হোৱা বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।’’

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button