বিবাহপাশত আৱদ্ধ হ’ব নেকি ছানিয়া মিৰ্জা আৰু মহম্মদ ছামী? কিমান সঁচা

নিউজ ডেক্স, ২৪ জুনঃ
বিগত কেইবাদিন সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে যে ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামী আৰু টেনিছ তাৰকা ছানিয়া মিৰ্জা বিবাহ অতি শীঘ্ৰে বিবাহ পাশত আৱদ্ধ হব। ভাৰতীয় ক্রীড়া দুনীয়াৰ দুগৰাকী তাৰকাৰ মাজত বিগত প্রায় কেইবামাহ ধৰি চলি আছে প্ৰেমৰ সম্পর্ক। সেই প্রেমকেই অৱশেষত বিবাহৰ ৰূপ দিব বিচাৰিছে বুলি চর্চা চলাইছে একাংশ নেটিজেনে। আনকি ছ’চিয়েল মিডিয়াত দুয়োগৰাকীৰ ছবি ভাইৰেল হৈ পৰে, য’ত ছামী আৰু ছানিয়াক বিবাহৰ পোছাকত একেলগে থকা দেখা গৈছে।
এই চৰ্চাক লৈ ছানিয়া মিৰ্জাৰ পিতৃ ইমৰান মিৰ্জাই এই বিষয়ত নীৰৱতা ভংগ কৰিছে আৰু এই প্ৰতিবেদনবোৰ অস্বীকাৰ কৰিছে৷ ইমৰান মিৰ্জাই এটা সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত কয় ‘এইসমূহ খবৰৰ কোনো সত্যতা নাই। ছামীক ছানীয়াই কেতিয়াও লগো পোৱা নাই।’
কেইদিনমান আগতে ছানিয়া মিৰ্জাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে কৈছিল যে তেওঁ হজ যাত্ৰালৈ যাব। চলিত বছৰৰ আৰম্ভণিতে ছোৱেইব মালিকৰ সৈতে বিবাহ বিচ্ছেদ হৈছে ছানিয়া মির্জাৰ। ছানিয়াই কৈছিল যে তেওঁলোকে যিকোনো বেয়া কাম কৰিলে আল্লাই নিশ্চিতভাৱে তেওঁলোকক ক্ষমা কৰিব। তাই আধ্যাত্মিক যাত্ৰা লৈ গৈছে। আনহাতে, মহম্মদ ছামী কেইবামাহ ধৰি আঘাতপ্ৰাপ্ত হৈ আছে। পত্নী হাছিন জাহানৰ সৈতে তেওঁৰ বিবাহবিচ্ছেদ হৈছে।
অৱশ্যে এই চর্চাক লৈ এতিয়াও কোনো মন্তব্য কৰা নাই ছানীয়া মিৰ্জা আৰু মহম্মদ ছামীয়ে।