Crime

বিতৰ্কিত শিক্ষক ভিক্টৰ দাসক আটক আৰক্ষীৰ

নিউজ ডেক্স, ১৪ জুলাইঃ সামাজিক মাধ্যমত সততে ভাইৰেল হৈ থকা এজন বিতৰ্কিত শিক্ষক ভিক্টৰ দাস। এগৰাকী শিক্ষক হিচাপে কৰ্মৰত ভিক্টৰ দাসে বিভিন্ন সময়ত নিজৰ বিভিন্ন কাণ্ডৰ চৰ্চা আহি থাকে। এইবাৰ পুনৰ সুৰাৰ ৰাগীত মাতাল হৈ ৰাজপুত উদ্ভণ্ডালি কৰি আটক ভিক্টৰ দাস।

কামৰূপৰ দদৰাত মাতাল শিক্ষক ভিক্টৰে উৰ্ধ উলংগ হৈ দদৰা-পছৰীয়া পথত নৃত্য কৰে । পথৰে চলাচল কৰা বাহনসমূহ আগভেটি ধৰি বাহন সমূহ চূৰ্ণ-বিচূৰ্ণ কৰাৰ লগতে আৰোহীকো বেয়াকৈ মাৰধাৰ কৰে । চূৰ্ণ-বিচূৰ্ণ কৰা ডিজেয়াৰ বাহনখনৰ নম্বৰ AS 01DV 5125 ।

গুৱাহাটীৰ পৰা নিজ বাসগৃহ গুইয়ালৈ গৈ থকা অৱস্থাত বাহনৰ গৰাকী কিশোৰ ঠাকুৰীয়াৰ বাহনখন আগভেটি ধৰি বৰ্বৰ আক্ৰমণ কৰে । ইতিমধ্যে ভিক্টৰ দাসৰ বিৰুদ্ধে দদৰা আৰক্ষী চকীত ভূক্তভোগীয়ে দাখিল কৰিছে দুখনকৈ এজাহৰ । এই এজাহাৰৰ ভিত্তিত নিশা নিজ বাসগৃহৰ পৰা আটক কৰে আৰক্ষীয়ে।কামৰূপৰ দদৰা আৰক্ষী চকীৰ IC অৰ্জুন তালুকদাৰকো কৰিছিল শাৰীৰিক আক্ৰমণ । এই আক্ৰমণত কেইবাঠাইতো আঘাতপ্ৰাপ্ত হৈছে আৰক্ষী গৰাকী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button