বাৰ্বাডোজত আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ বিশ্বকাপৰ মহাৰণটীম ইণ্ডিয়াই পৰাস্ত কৰিব পাৰিবনে দক্ষিণ আফ্ৰিকাক ?

নিউজ ডেক্স, ২৯ জুন
বাৰ্বাডোজত আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপৰ মহাৰণ। সন্ধিয়া ৮-০০ বজাৰ লগে লগে পিটছত পৰিব প্ৰথমটো বল।ৰোহিত শৰ্মাৰ অধিনায়কত্বত টীম ইণ্ডিয়া ইতিহাস সৃষ্টিৰ পৰা মাত্ৰ এখোজ দূৰত আছে। টি-২০ বিশ্বকাপ ২০২৪ৰ ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব। এইটো প্ৰথম বাৰৰ বাবে যে টি-২০ বিশ্বকাপৰ ফাইনেলত উপনীত হোৱা দুয়োটা দলে এটাও খেলত পৰাজয়ৰ সন্মুখীন হোৱা নাই। ভাৰত-দক্ষিণ আফ্ৰিকাই এইবাৰ প্ৰতিযোগিতাখনত এখনো মেচ ত পৰাজিত হোৱা নাই। খিতাপ জয়ৰ এই মহাৰণত উভয় দল আশাবাদী।
এইবাৰ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈৰ তালিকাত ৰোহিত শৰ্মা তিনি নম্বৰত আছে। ৰোহিতে ৭ খন খেলত ২৪৮ ৰাণ সংগ্ৰহ কৰে। তেওঁ ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন কৰিছিল।
২০০৭ চনতে উদ্বোধনী বৰ্ষৰ বিশ্ব জয়ৰ খিতাপ দখল কৰিছিল টীম ইণ্ডিয়াই। সেই বর্ষত মহেন্দ্র সিং ধোনীৰ নেতৃত্বত দঃ আফ্ৰিকাৰ জোহান্সবার্গত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ ট্ৰফী ভাৰতে পাবলৈ সক্ষম হৈছিল। সেই সময়ছোৱাৰ ভাৰতীয় দলটোৰ অন্যতম সদস্য আছিল আজিৰ অধিনায়ক ৰোহিত শৰ্মা।
ক্ৰিকেটৰ কমাৰশালত পিতি পিতি গঢ়া ৰোহিত শৰ্মাই পুনৰ বিশ্ব জয়ৰ সোৱাদ দিব পাৰিব বুলি আশাবাদী প্ৰতিগৰাকী ভাৰতীয়। উল্লেখ্য যে ২০১৩ চনৰ পৰা আজিপৰ্যন্ত আই চি চিৰ দ্বাৰা আয়োজিত কোনো ডাঙৰ ট্ৰফী জয় কৰিব পৰা নাই ভাৰতীয় ক্ৰিকেট দলে।
ইফালে ক্ৰিকেটৰ আনলাকী দল হিচাপে পৰিগণিত দঃ আফ্ৰিকাই এতিয়ালৈ জয় কৰিব পৰা তিনিওটা সংস্কৰণৰে খিতাপ। প্ৰথমবাৰৰ বাবে ফাইনেলত অৱতীৰ্ণ হৈছে দলটো। সেয়ে এই সুযোগ এৰি দিব নিবিচাৰে তেঁওলোকে। দক্ষিণ আফ্ৰিকাই প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপৰ ফাইনেলত উপনীত হৈছে। ইয়াৰ আগতে, তেওঁ দুবাৰছেমি ফাইনেলত উপনীত হৈছিল আৰু পৰাজিত হৈছিল।
ভাৰতৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল শেষ হ’বলৈ ওলাইছে। তেওঁ এই টি-২০ বিশ্বকাপৰ পিছত পদ ত্যাগ কৰিব। তেওঁৰ প্ৰশিক্ষণত, টীম ইণ্ডিয়াই এতিয়ালৈকে সুন্দৰ প্ৰদৰ্শন কৰিছে। ভাৰতীয় দলটোৱে এদিনীয়া বিশ্বকাপ ২০২৩ ৰ ফাইনেলতো উপনীত হৈছিল।
ভাৰত বিজয়ী হোৱাটো সকলোৱে মনে-প্রাণে কামনা কৰিছে। আজি কাৰ ভাগ্য নির্ণয় হ’ব, সেয়া সময়তহে গম পোৱা যাব। পাছে আজি খেলৰ সময়ত বৰষুণ হোৱাৰো সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। ইয়াকে লৈ চিন্তাত পৰিছে ক্রীড়াপ্রেমী।