বানৰ পিছতেই জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ বৃদ্ধি, ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কেনেকৈ ল’ব সাৱধানতা?

নিউজ ডেক্স, ২৪ জুলাইঃ
ৰাজ্যত ভয়াৱহ ভাবে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা। ৰাজ্যৰ বান পৰিস্থিতিৰ পিছত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ। ইতিমধ্যে ৭ দিনত GMCHত ৪৮ জনলৈ বৃদ্ধি এই ৰোগত আক্ৰান্তৰ সংখ্যা।
১৩ জনলৈ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত মৃত্যু হোৱা ৰোগীৰ সংখ্যা। ইয়াৰ সমান্তৰালকৈ মেলেৰীয়া, ডেংগীৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে বিভিন্ন ঠাইত GMCHত চিকিৎসাধীন ১১০ জন মেলেৰীয়াত আক্ৰান্ত । শিৱসাগৰ, তিতাবৰ আদি ঠাইত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে।
জাপানীজ এনকেফেলাইটিছৰ পৰা হাত সাৰিবলৈ বিভিন্ন ধৰণে সাৱধানতা অৱলম্বন কৰক। বিশেষকৈ
পানী জমা থকা ঠাইৰ পৰা আঁতৰি থাকক।চলিত বৰ্ষত তথ্য অনুসৰি আক্ৰান্ত হৈছে প্ৰায় ১৪৭ জন লোক ।জুলাই – আগষ্ট মাহত বৃদ্ধি হয় জাপানীজ এনকেফেলাইটিছৰ অধিক সংক্ৰমণ ।
শৰীৰ সম্পূৰ্ণকৈ ঢাকি ৰাখক, শোৱাৰ সময়ত আঠুৱা ব্যৱহাৰ কৰক মহৰ কামোৰৰ পৰা নিজকে সুৰক্ষিত ৰাখক । খোৱা খাদ্য আৰু পানী গৰম খাওক।অধিক স্বাস্থ্য জনিত সমস্যাৰ বাবে ডক্টৰ পৰামৰ্শ গ্ৰহণ কৰক অথবা১০৪ নম্বৰ ডায়েল কৰি আপোনাৰ সমস্যা সমাধান কৰক। নিজকে সুৰক্ষিত আৰু সুস্থ ৰাখক।