বাজেট দাখিলৰ পিছত বিৰোধীৰ বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ

নিউজ ডেক্স, ২৩ জুলাইঃ আজি ২০২৪-২৫ বৰ্ষৰ মোদী কেবিনেট ৩.০ ৰ প্ৰথম খন বাজেট দাখিল কৰা হয়। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত বাজেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। বাজেট দাখিলৰ পিছত বিৰোধী দলে বাজেটক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
নিজৰ চকী খন বচাবলৈ এই বাজেট দাখিল কৰা আখ্যা দিছে বিৰোধীৰ উপ দলপতি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। তেওঁ কয় যে দেশবাসীয়ে আকৌ এবাৰ পুৰণি কথাকে শুনিব লগা হ’ল। কেৱল নিজৰ গাদী বচাবলৈ এই ৰাজনৈতিক বাজেট দাখিল কৰা হ’ল।
তাৰ বিপৰীতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেটক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । অৰ্থনৈতিক বিকাশক নতুন গতি প্ৰদান কৰিব আজিৰ বাজেটে বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।কেন্দ্ৰীয় বাজেট-২০২৪ সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় এই বাজেটে সমাজৰ সকলো শ্ৰেণীকে শক্তিশালী কৰিছে বুলি উল্লেখ কৰে।
আজিৰ বাজেটত শিক্ষা, প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ডাঙৰ পদক্ষেপ মোদী চৰকাৰৰ ।উচ্চ শিক্ষাৰ বাবে ১০ লাখ টকালৈ ঋণ ঘোষণা। কেইবাবিধো সামগ্ৰীৰ শুল্ক কৰ হ্ৰাস। আয়কৰ সন্দৰ্ভত ডাঙৰ ঘোষণা। ইয়াৰ পিছত ২০২৪-২৫ ৰ বাজেট সম্বন্ধীয় বিভিন্ন বিষয়ত বিৰোধীয়ে বিভিন্ন ধৰণে সমালোচনা কৰিছে।