বাংলাদেশলৈ নাযাবলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ!পুনৰ অগ্নিগৰ্ভা বাংলাদেশ

নিউজ ডেক্স, ৫ আগষ্ট,
হিংসা আৰু প্ৰতিবাদত জ্বলিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। অনিৰ্দিষ্টকাললৈ কাৰ্ফিউ জাৰি কৰা হৈছে দেশ খনত। দেওবাৰে বাংলাদেশৰ ৰাজধানী ঢাকাত শিক্ষাৰ্থীসকলে সাব্যস্ত কৰা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে। । বৰ্তমানলৈ তীব্ৰ সংঘৰ্ষৰ ফলত ১৪ জন আৰক্ষী সহ ৯৭ জন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়।বহুকেইজন প্ৰতিবাদকাৰী এতিয়াও সন্ধানহীন হৈ আছে। দেশখনৰ চৰকাৰী চাকৰিত মুক্তিযোদ্ধাৰ পৰিয়ালৰ বাবে ৩০%আসন সংৰক্ষণৰ সিদ্ধান্তৰ বিৰোধিতাৰে লাখ লাখ শিক্ষাৰ্থী আৰু শিক্ষকে প্ৰতিবাদ কৰিছে।
প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবী অগ্নিগৰ্ভ বাংলাদেশত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দেশখনত চৰকাৰী চাকৰিৰ আসন সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে জনতাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ দাবীৰে বাংলাদেশৰ শিক্ষাৰ্থী সমাজে ৰাজপথত ধাৰাবাহিক প্ৰতিবাদ কৰি আহিছে।
দেশখনত উদ্ভৱ হোৱা এনে হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশখনত থকা প্ৰবাসী ছাত্ৰসকলে বাংলাদেশ এৰি নিজ দেশলৈ উভতি গৈছে। দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা দেশত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ মন্ত্ৰালয়ে। দেশখনৰ চৰম হিংসাত্মক পৰিস্থিতিত নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে দেশৰ নাগৰিকসকলক উদ্দেশ্যি এই পৰামৰ্শ জাৰি কৰিছে। ইয়াৰ লগতে বিদেশ মন্ত্ৰালয়ে মুকলি কৰিছে তিনিটাকৈ নম্বৰ। বিপদত বা জৰুৰীকালীন অৱস্থাত ভাৰতীয় নাগৰিকসকলক 8801958383679, 8801958383680, 8801937400591 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ভাৰত চৰকাৰে।
