বাংলাদেশৰ বিৰুদ্ধে ৰোমাঞ্চকৰ মেছত ৮ ৰাণত জয়লাভ আফগানিস্তানৰ,ঘৰমুৱা হ’ল কেংগাৰু বাহিনী

নিউজ ডেক্স, ২৫ জুনঃ
টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত আফগানিস্তান। অস্ট্রেলিয়াক ঘৰলৈ বাট দেখুৱাই আফগান দলে কৰি দেখুৱালে চমৎকাৰ। বাংলাদেশৰ বিৰুদ্ধে ৰোমাঞ্চকৰ মেছত ৮ ৰাণত জয়লাভ আফগানিস্তানৰ । আফগানিস্তানে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিঙৰে ভাল আৰম্ভণি কৰে ৰহমানুল্লাহ গুৰবাজে। দলৰ হৈ তেওঁ সৰ্বাধিক ৪৩ ৰান সংগ্ৰহ কৰে। তেওঁ ৫৫টা বলত ৪৩ ৰান সংগ্ৰহ কৰে। কিন্তু আন কোনো আফগান ক্ৰিকেটাৰে বেটিঙৰে প্ৰভাৱ পেলাব পৰা নাছিল। আনহাতে বাংলাদেশে অতি কঠিন বলিং কৰে। বাংলাদেশে ৫ উইকেটত ১১৫ ৰান সংগ্ৰহ কৰে।
এতিয়া ছেমি ফাইনেলৰ দুখন খেলৰ এখনত দক্ষিণ আফ্রিকা বনাম আফগানিস্তান হোৱাৰ বিপৰীতে আনখন ছেমিফাইনেলত ভাৰত বনাম ইংলেণ্ড। বহু ক্রিকেট অনুৰাগীয়ে এতিয়া আশা কৰিছে ছেমি ফাইনেলৰ পাছত ফাইনেল খেলখন হ’ব ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজত। বাংলাদেশে ১৭.৫ অভাৰত ১০৫ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
সোমবাৰে ভাৰত বনাম অষ্ট্ৰেলিয়াৰ খেলখনত ভাৰতে ২৪ ৰানত জয়লাভ কৰি গ্ৰুপ Aৰ শীৰ্ষ দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰে। ইফালে অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ ভিতৰত কোন ছেমি ফাইনেললৈ যাব সেয়া নিৰ্ভৰ কৰিছিল আজিৰ এই বাংলাদেশ বনাম আফগানিস্তানৰ খেলখনৰ ওপৰত।