বলে – বেটে দুৰ্দান্ত প্ৰদৰ্শন টীম ইণ্ডিয়াৰ

নিউজ ডেক্স, ৬ জুনঃ
বলিং – বেটিঙৰ সুন্দৰ আৰম্ভণি আৰু প্ৰদৰ্শনেৰে টি -২০ বিশ্ব কাপৰ অভিযান আৰম্ভ টীম ইণ্ডিয়াৰ। গ্ৰুপৰ প্ৰথম মেচত আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ জয় ৮ উইকেটত। টছত পৰাজয় বৰণ কৰি প্ৰথম বেটিং কৰা আয়াৰলেণ্ড ১৬ অভাৰত মাত্ৰ ৯৬ ৰানতে ইনিংছ সামৰিব লগা হয়।
আনফালে মেচত ভাল প্ৰদৰ্শন টীম ইণ্ডিয়াৰ। ভাৰতৰ শক্তিশালী বলিঙৰ সন্মুখত কোনো বেটাৰেই জনাব নোৱাৰিলে প্ৰত্যাহ্বান।৫০ ৰানত ৮ উইকেট হেৰুৱাৰ পিচত গাৰেথ ডেলানীৰ সৰ্বাধিক ২৬ ৰানৰ সহায়ত আয়াৰলেণ্ড কোনোমতে ৯৬ ৰান সক্ষম কৰিবলৈ সক্ষম হয়।
তাৰ বিপৰীতে হাৰ্ডিক পাণ্ডিয়াই ২৭ ৰানত সৰ্বাধিক ৩টা, অৰ্শদ্বীপ আৰু যশপ্ৰীত বুমৰাহ দুটাকৈ, চিৰাজ আৰু অক্ষৰ পেটেলে এটাকৈ উইকেট লয়।জাডেজা এইবাৰ উইকেট বঞ্চিত হয়।বেটিংত ৰোহিত শৰ্মা আৰু ঋষভ পণ্ট দুয়োজনেই মিলি যুটীয়াভাৱে ৫৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু ভাৰতৰ বিজয় নিশ্চিত কৰে।ভাৰতে ১২.২ অ’ভাৰৰ দুটা উইকেট হেৰুৱায় বিজয় লক্ষ্যত উপনীত হৈছে। ঋষভ পণ্টে ২৬
টা বল খেলি দুটা ছিক্সাৰ আৰু তিনিটা বাউণ্ডেৰীৰ সহায়ত ৩৬ ৰানত অপৰাজিত হয়। অহা ৯ জুনত ভাৰতৰ পৰৱৰ্তী প্ৰতিদ্বন্দ্বী হ’ব পাকিস্তান।