বয়সে হাৰ নমনা এগৰাকী মহিলা খেলুৱৈ

নিউজ ডেক্স, ২৩ মে’
নলবাৰী জিলাৰ টিহুৰ এগৰাকী মহিলা খেলুৱৈ । বিভিন্ন সময়ত বিভিন্ন খেল ইভেন্টত অংশ লৈ সুনাম কঢ়িয়াইছে মহিলাগৰাকীয়ে। সৰুৰে পৰা খেলত প্ৰতি আগ্ৰহী মহিলাগৰাকী হৈছে টিহুৰ প্ৰতিভা দাস । গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত যোৱা ১৯ মে’ৰ পৰা চলি থকা ৩৯ সংখ্যক ৰাজ্যিক টাইকোৱাণ্ডো প্রতিযোগিতাত টিহু টাইকোৱাণ্ডো একাডেমীৰ খেলুৱৈ প্ৰতিভা দাসে মহিলাৰ ৬৫ বছৰ অনূর্ধ্ব ইন্ডিভিজুৱেল পুমছে শাখাত সোণৰ পদক লাভ কৰি টিহুলৈ গৌৰৱ কঢ়িয়াই আনিছে। প্রতিভা দাসে অহা জুলাই মাহত হ’ব লগা ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো প্রতিযোগিতাত অসম দলত স্থান লাভ কৰাটো নিশ্চিত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে সোণৰ পদকপ্রাপ্ত প্রতিভা দাসে ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ভেটার্ণ এথলেটিকছ প্রতিযোগিতাত অসম দলৰ হৈ অংশগ্ৰহণ কৰি কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও টিহুৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ প্রতিভা দাসে ইয়াৰ পূৰ্বে চীন, শ্রীলংকা আৰু মালয়েছিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ভেটার্ণ এথলেটিকছ প্রতিযোগিতাতো ভাৰতীয় দলৰ হৈ অংশগ্রহণ কৰি পদক লাভ কৰিছিল । যোৱা ৩ বছৰৰ পৰা তেওঁ টাইকোৱাণ্ডো খেলৰ সৈতে জড়িত হৈ আছিল । এই সফলতাৰ বাবে তেওঁ টিহু টাইকোৱাণ্ডো একাডেমীৰ প্ৰশিক্ষক অংকিত মিশ্ৰৰ লগতে পৰিয়ালৰ সদস্যসকলক ধন্যবাদ জনায় । সমান্তৰালকৈ ঘৰৰ কামৰ লগতে অব্যাহত ৰাখিছে খেলৰ অনুশীলন । মহিলাসকলেও খেলৰ প্ৰতি আগ্ৰহী হ’ব লাগে, যদিহে পৰিয়ালৰ পৰা ভাল সহযোগ লাভ কৰে তেন্তে মহিলাসকলেও খেলক কেৰিয়াৰ হিচাপে ল’ব পাৰে বুলিও ব্যক্ত কৰে প্ৰতিভা দাসে ।