বঞ্চিত হ’ল তৃতীয়টো পদকৰ পৰা মনু ভাকেৰ,শ্বুটিঙৰ ২৫ মি এয়াৰ পিষ্টলৰ ফাইনেলত ৪ৰ্থ স্থানত শ্বুটাৰ মনু ভাকৰ

নিউজ ডেক্স, ২ আগষ্টঃ
পদকৰ হেটট্ৰিকত ব্যৰ্থ হ’ল মনু ভাকেৰ। ২৫ মিটাৰ এয়াৰ পিষ্টল মহিলাৰ একক শাখাৰ ফাইনেলত পদক হেৰুৱালে ভাৰতৰ মনু ভাকেৰ। চতুৰ্থ স্থানত নিজৰ নাম লিপিবদ্ধ কৰিলে মনু ভাকেৰে। চলিত অলিম্পিকত দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে মনু ভাকেৰ। মনুৱে মহিলাৰ একক 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত প্ৰথম পদক জিকিছিল, যিটো ব্ৰঞ্জআছিল। ইয়াৰ পিছত, মনুৱে 10 মিটাৰ এয়াৰ পিষ্টল মিশ্ৰিত অনুষ্ঠানত ব্ৰঞ্জ দখল কৰে। মিশ্ৰিত দলটোত মুন ভাকাৰৰ সৈতে সৰবজোত সিঙআছিল। ইয়াৰ পূৰ্বে অলিম্পিকত ৩ খন ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী শ্বুটাৰ হিচাপে পৰিগণিত হৈছিল মনু ভাকৰ।
মুঠ ১০ টা ৰাউণ্ড মাৰিব লাগিছিল ফাইনেল প্রতিযোগিতাত। প্ৰতিটো ৰাউণ্ডত আছিল ৫টা কৈ শ্বট। তিনিখন ছিৰিজৰ অন্তত আৰম্ভ হৈছিল এলিমিনেচনৰ ৰাউণ্ড। মনুৱে ২৮ ৰান সংগ্ৰহ কৰি আঠটা ছিৰিজৰ পিছত চতুৰ্থ স্থান দখল কৰে।
এই প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াৰ জিন য়াঙে সোণৰ পদক অৰ্জন কৰে। ইয়াৰ উপৰিও ফ্ৰান্সৰ কেমিল জেড্ৰজেইউস্কিয়ে দ্বিতীয় নম্বৰত ৰূপ আৰু হাংগেৰীৰ ভেৰোনিকা মেজৰে তিনি নম্বৰত ব্ৰঞ্জৰ পদক দখল কৰে। স্বৰ্ণ পদক অৰ্জন কৰা জিন য়াঙৰ মুঠ নম্বৰ আছিল ৩৭। তদুপৰি, ৰূপৰ পদক অৰ্জন কৰা কেমিল জেডৰাজজেৱস্কিয়েও ৩৭ ৰাণ সংগ্ৰহ কৰে। অৱশ্যে, তাই দ্বিতীয় স্থানত আছিল। তাৰ পিছত তিনি নম্বৰ ভেৰোনিকা মেজৰে ৩১ ৰাণ কৰিছিল।