Crime

ফাইজান হত্যাকাণ্ডৰ তদন্ত CBIক দিয়াৰ অনুৰোধ মুখ্যমন্ত্ৰীৰ । ফাইজানে ন্যায় পাবনে?

নিউজ ডেক্স, ১৮ জুনঃ

IIT খড়গপুৰত ২০২২ চনৰ ১৪ অক্টোবৰত সংঘটিত হৈছিল বুকু কঁপি যোৱা এক নৃশংস হত্যাকাণ্ডৰ ঘটনা।যি ঘটনাই সমগ্ৰ ৰাজ্য জোঁকাৰি গৈছিল। ফাইজান আহমেদ নামৰ এজন ছাত্ৰৰ ৰহস্যময় মৃত্যু হৈছিল।ফাইজান আহমেদক ১৪ অক্টোবৰ, ২০২২ তাৰিখে তেওঁৰ হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

হোষ্টেলৰ কোঠাত মৃত অৱস্থাত ফাইজানক উদ্ধাৰ কৰা পিছত ফাইজানৰ মৃত্যুক মহাবিদ্যালয় কৰ্তৃপক্ষই আত্মহত্যাৰ গোচৰ বুলি দাবী কৰিছিল, যদিও ফাইজানৰ শৰীৰত পিতৃ-মাতৃয়ে আঘাতৰ চিন পৰ্যবেক্ষণ কৰিছিল। পিতৃ-মাতৃয়ে ফাইজানক হত্যা কৰা বুলি দাবী তুলিছিল আৰু সমগ্ৰ ঘটনাক লৈ উচিত তদন্তৰ দাবী জনাইছিল।

ইতিমধ্যে ফাইজান কাণ্ডৰ তদন্তৰ দায়িত্ব CBIক দিয়াৰ অনুৰোধ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
ফাইজান আহমেদৰ মৃত্যুৰ তদন্তৰ বাবে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ পত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ।
ফাইজানৰ পৰিয়ালক ন্যায় প্ৰদানৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তিনিচুকীয়াৰ ছাত্ৰ আছিল ফাইজান আহমেদ। IIT খড়গপুৰৰ হোষ্টেলত হত্যা কৰাৰ অভিযোগ দিছিল পৰিয়ালে। ৰেগিঙৰ বলি হোৱাৰ অভিযোগ দিছিল ফাইজান আহমেদৰ পৰিয়ালে।সেই অভিযোগৰ ভিত্তিত ফাইজানৰ কবৰ খান্দি উলিয়াই পৰীক্ষা কৰা হৈছিল। সেই পৰীক্ষাত ফৰেনচিকৰ প্ৰতিবেদন অনুসৰি ফাইজান আহমেদক নিচেই কাষৰ পৰা গুলীয়াইছিল আৰু ডিঙিৰ সোঁফালে ছুৰীৰে আঘাত কৰিছিল।

এটাৰ পিছত এটা ভয়ংকৰ তথ্য ওলাই থকাৰ মাজতে এতিয়াও ফাইজানৰ লগত সংঘটিত হোৱা ঘটনাৰ প্ৰকৃত দোষী ধৰা পৰা নাই। কি হৈছিল আচলতে ফাইজানৰ লগত, কেনেকৈ হত্যা কৰা হৈছিল ফাইজানক সকলো এতিয়াও ৰহস্যৰ আৱৰ্ত্তত। ফাইজানে ন্যায় পাবনে? ফাইজানৰ পৰিয়ালে ন্যায় পাবনে? এগৰাকী প্ৰতিভাসম্পন্ন ছাত্ৰৰ ৰহস্যময় মৃত্যুৱে চুই গৈছিল IIT খড়গপুৰকো।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button