Life Style
প্ৰেমৰ বাবে ইছলাম ধৰ্ম ত্যাগ কৰিলে আমিনা!শ্যামৰ প্ৰেমত পৰি মুছলিম আমিনা হ’লগৈ হিন্দু ৰাধা

নিউজ ডেক্স,২৭ মে’
প্ৰেমত নাই ধৰ্ম,প্ৰেমত নাই বৰ্ণ। সমাজৰ ভয়ত আত্মগোপন কৰি থাকি অৱশেষত প্ৰেমক সফল ৰূপ দিলে এহাল প্ৰেমিক- প্ৰেমিকাই। এই প্ৰেম কাহিনী অসমৰ কৰিমগঞ্জৰ পাথাৰকান্দিৰ মেদেলী চাহ বাগিছাৰ। প্ৰেমিকৰ নাম শ্যাম ৰবি দাস আৰু প্ৰেমিকাৰ নাম আমিনা
দীৰ্ঘদিনৰ প্ৰেমৰ অন্তত ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু যুৱকৰ সৈতে বিয়া পাশত আৱদ্ধ হ’ল আমিনা । নাম সলনি কৰি আমিনাৰ নাম হ’ল ৰাধা। চাৰি বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল যদিও সমাজৰ ৰঙা চকুৰ ভয়ত চাৰি বছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত আত্মগোপন কৰি আছিল দুয়ো। তাৰ পিছতে জন্ম হয় এটি পুত্ৰ সন্তানৰো। অৱশেষত বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা ‘ঘৰৱাপসী’ অনুষ্ঠানত দুয়োকে স্বামী-স্ত্ৰীৰ মৰ্যদা দিয়া হয়।