প্ৰথমে চেলফি আৰু তাৰ পিছত বিদায়!…ধাৰ পৰিশোধ কৰিব নোৱাৰি নদীত জাপ দম্পতীৰ.
নিউজ ডেক্স, ১৩ আগষ্টঃ
ধাৰ কিমান ভয়ানক হ’ব পাৰে সেয়া উত্তৰপ্ৰদেশৰ চাহাৰনপুৰৰ এক মৰ্মান্তিক ঘটনাৰ পৰাই বুজিব পাৰি।
ঋণত অসুবিধাত পৰি উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ এজন যুৱ ব্যৱসায়ীয়ে সোমবাৰে ইয়াত গংনাহাৰত জঁপিয়াই পত্নীৰ সৈতে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ৩৫ বছৰীয়া সৌৰভ বব্বৰ আৰু তেওঁৰ পত্নী ৩৫ বছৰীয়া মনা বব্বৰেও হাতীপুলৰ খালত জঁপিয়াই পৰাৰ আগতে তেওঁলোকৰ চেলফি তুলিছিল ৷ মৃত্যুৰ পূৰ্বে সৌৰভে হোৱাটছএপত নিজৰ আত্মীয়লৈ এখন চুইচাইড নোেট পঠিয়াইছিল৷
দুয়োজনেই নতুন বাইকেৰে হৰিদ্বাৰত উপস্থিত হয় আৰু ইজনে সিজনৰ হাতত ধৰি গংগাত জাপ দিয়ে। ব্যৱসায়ীজনৰ মৃতদেহ গংগাত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় ৷ আৰক্ষীয়ে মৃতকৰ পকেটৰ পৰা এটা মোবাইল ফোন আৰু ৱালেট পাইছিল। মৃত ব্যক্তিজন সৌৰভ বব্বৰ বুলি চিনাক্ত কৰা হৈছে।
মহিলাগৰাকীৰ মৃতদেহ এতিয়াও পোৱা হোৱা নাই আৰু তেওঁৰ সন্ধান চলি আছে ৷ তেওঁৰ যথেষ্ট ঋণ আছিল আৰু দম্পতীহালে ঋণৰ দ্বাৰা অসুবিধাত পৰাৰ পিছত মৃত্যুৰ সিদ্ধান্ত লৈছিল। । দম্পতীহালৰ দুটা সন্তান আছে। দম্পতীহালে আত্মহত্যা কৰাৰ আগতে দুয়োটা সন্তানক তেওঁলোকৰ ককা-আইতাকৰ ঘৰত থৈ গৈছিল। প্ৰাপ্ত তথ্য অনুসৰি, সৌৰভ বব্বৰৰ চাহাৰনপুৰৰ কিষাণপুৰাত শ্ৰী চাই জুৱেলাৰ্ছ নামৰ এখন দোকান আছে। এই কথা তেওঁ নিজেই নিজৰ ছুইচাইড নোটত উল্লেখ কৰিছে।
ছুইচাইড নোটত তেওঁ লিখিছে “মই সৌৰভ বাব্বৰ ধাৰত ইমানেই আবদ্ধ হৈ পৰিছো যে তাৰ পৰা ওলাই অহাৰ কোনো বাট বাকী নাই। অৱশেষত মোৰ পত্নী মনা বব্বৰ আৰু মই আমাৰ জীৱনৰ অন্ত পেলাবলৈ সিদ্ধান্ত ল’লো। কিষাণপুৰাত আমাৰ সম্পত্তি, দোকান আৰু ঘৰ আমাৰ দুয়োটা সন্তানৰ বাবে। আমাৰ দুয়োটা সন্তান ককাক-আইতাকৰ ঘৰত থাকিব। আমি দুয়ো এতিয়া নিজৰ সন্তানক তেওঁলোকৰ তত্বাৱধানত এৰি দিছো। আমি আন কাকো বিশ্বাস নকৰো। আমি পাওনাদাৰক অত্যধিক সুত দিছো, আৰু এতিয়া আৰু দিব নোৱাৰো। আমি আন কাকো বিশ্বাস নকৰো। আমি পাওনাদাৰক অত্যধিক সুত দিছো, আৰু এতিয়া আৰু দিব নোৱাৰো। আমি আত্মহত্যা কৰা ঠাইখনৰ ফটোখন আমি হোৱাটছএপত শ্বেয়াৰ কৰিম।” হোৱাটছএপত প্ৰেৰণ কৰা চুইচাইড নোট৷
আৰক্ষীয়ে এই তথ্য লাভ কৰাৰ পাছত সৌৰভৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিৎসালয়ৰ মৰ্চাৰীলৈ প্ৰেৰণ কৰিছে। মনা বাব্বৰৰ সন্ধান অব্যাহত আছে।