Sports

প্ৰতিবাদৰ বাবে আৰক্ষীয়ে চোঁচৰাই নিয়া বিনেশ ফোগাট আজি বিশ্বজয়ৰ দিশে, আজি স্বৰ্ণ পদকৰ লক্ষ্যৰে যুঁজিব বিনেশে

নিউজ ডেক্স, ৭ আগষ্টঃ
ভাৰতৰ প্ৰথম মহিলা মল্লযুঁজাৰু হিচাপে অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰিছে বিনেশ ফোগাটে ৷ কিউবাৰ ইউছনেলিছ গুজমানক (৫০ কেজি শাখা) ত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত বিনেশে ইউছনেলিছ গুজমানক ৫-০ স্ক’ৰত পৰাস্ত কৰে। বিনেশ ফোগাটে মহিলাৰ মল্লযুঁজত ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰাই নহয় সোণৰ পদকৰো দাবীদাৰ হৈ পৰিল। তাৰোপৰি অন্ততঃ তেওঁৰ ৰূপৰ পদক নিশ্চিত হ’ল।

পেৰিছ অলিম্পিকত প্ৰি-কোৱাৰ্টাৰত বিনেশে এক প্ৰকাৰে ইতিহাসেই ৰচনা কৰিলে। আজিলৈকে কোনো এখন প্ৰতিযোগিতাতে পৰাস্ত নোহোৱা, টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক জয় কৰা তথা বিশ্ব চেম্পিয়ন জাপানৰ য়ু-চুচাকিক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হল। বিগত অলিম্পিকত ছুচাকি প্ৰতিপক্ষৰ বিৰুদ্ধে এটাও পয়েণ্ট ল’ব পৰা নাছিল বিনেশে৷ এইবাৰ তেওঁকেই ৩-১ পয়েণ্টত হৰুৱালে বিনেশে৷ কোৱাৰ্টাৰ ফাইনেলত তেওঁ হৰুৱাই ইউক্ৰেইনৰ লিভাচ ওকছানাক৷ ৭-৫ পয়েণ্টত জয়ী হৈছে বিনেশ৷

ছেমিফাইনেলতো যুঁজ সহজ নাছিল বিনেশৰ ৷ কিউবাৰ লোপেজ আছিল প্ৰতিপক্ষ৷ যিয়ে আগৰ মেচত ১০-০ ব্যৱধানত জয়ী হৈছিল৷ যথেষ্ট আক্ৰমণাত্মক খেলিছিল কিউবাৰ লোপেজে৷ বিনেশে এই খেলত ডিফেণ্ডত জোৰ দিছিল৷ ফলত পয়েণ্ট ল’ব নোৱাৰিলে লোপেজে৷ মাজে মাজে বিনেশে লোপেজক বুকুৰ ভৰত ঠেলি দিলেও পয়েণ্ট কিন্তু বিনেশেও ল’ব নোৱাৰিলে৷ কাৰণ লোপেজেও ভাল ডিফেন্স কৰিছিল৷ বিনেশৰ এখন ভৰি ধৰি ৰাখিছিল লোপেজে৷ ফলত বিনেশেও পয়েণ্ট ল’ব নোৱাৰিলে৷

প্ৰথম ৩ মিনিটত শেষ হোৱাৰ পূৰ্বে পয়েণ্ট তোলাৰ সুযোগ পায় বিনেশে৷ দুবাৰ ৱাৰ্ণিং পাই লোপেজে৷ ফলত ৩০ ছেকেণ্ডৰ মাজত পয়েণ্ট তুলিবলৈ সময় পায় যদিও নোৱাৰিলে৷ সেয়ে পেনাল্টি হিচাপে ১ পয়েণ্ট লাভ কৰে বিনেশে৷ পাছৰ তিনি মিনিট আৰম্ভ হোৱাৰ পাছত বিনেশেও দুবাৰ ৱাৰ্ণিং পায়৷ ফলত তেওঁকো লোপেজৰ দৰে ৩০ ছেকেণ্ডত পয়েণ্ট তুলিবলৈ সময় দিয়া হয়৷ সেই ৩০ ছেকেণ্ডতেই আকৌ এটা পয়েণ্ট তুলে বিনেশে৷ ৩-০ পয়েণ্টত বিনেশ আগুৱাই যায়৷ শেষত মুঠ ৫-০ পয়েণ্টত জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰে বিনেশে৷

উল্লেখ্য যে, বিনেশ ফোগাটে ইতিমধ্যে বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান গেমছ, কমনৱেলথ গেমছ আৰু এছিয়ান চেম্পিয়নশ্বিপত পদক জয় কৰিছে। আজি ফাইনেলত প্ৰতিপক্ষ আমেৰিকাৰ ছাৰা এন হিল্ডেব্ৰেণ্ট হৰুৱাই সোণ জিকিব বুলি আশাবাদী বিনেশ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button