Education

প্ৰকাশ পালে তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম, চাওক পৰীক্ষাত কোন কোন বিষয়ৰ পৰা আহিব কিমান প্ৰশ্ন

নিউজ ডেক্স, ১৫ জুলাইঃ
ৰাজ্যত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ’ব লগা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (Assam Direct Recruitment Exam) চমুকৈ ADRE পৰীক্ষাৰ আৰ্হিক লৈ চলি থকা জল্পনা-কল্পনাৰ অৱশেষত অৱসান ঘটিল। প্ৰকাশ পালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ সূচী। প্ৰকাশ পোৱা অনুসৰি দুয়োটা পৰীক্ষাতে থাকিব নিগেটিব মাৰ্কিং। তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত থাকিব ১৫০টা বহুবিকল্পী প্ৰশ্ন (MCQ) ৷ প্ৰতিটো ভুল উত্তৰ বাবে কাটিব ০.২৫ নম্বৰ। লগতে দুয়োটা পৰীক্ষাতে প্ৰশ্ন কাকত অসমীয়া, ইংৰাজী, বঙালী, বড়ো আৰু হিন্দী ভাষাত উপলব্ধ হব।

তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ প্ৰশ্নৰ আৰ্হিঃ

স্নাতক পৰ্যায়ৰ পদৰ বাবে(For Bachelor’s Degree level posts)

অনুষ্ঠিত হ’ব লগা পৰীক্ষাটোত Social Studies ৰ পৰা আহিব 30 question 1 marks, General Knowledge ৰ পৰা আহিব 35 question 1 Marks, Logical Reasoning and mental ability ৰ পৰা আহিব 20 question 1 marks, General mathematics ৰ পৰা আহিব 30 question 1 Marks, General English ৰ পৰা আহিব 10 question 1 Marks, Reading Comprehension and english language ৰ পৰা আহিব 25 question 2 marks, মুঠ ১৫০টা প্ৰশ্ন আৰু মুঠ নম্বৰ থাকিব ১৭৫। ৩ ঘণ্টা সময়জুৰি অনুষ্ঠিত হ’ব পৰীক্ষা ৷

হায়াৰচেকেণ্ডেৰী লেভেল (For HSSLC level posts)

অনুষ্ঠিত হ’বলগা পৰীক্ষাটোত Social Studies ৰ পৰা আহিব 30 question 1 marks, General Knowledge ৰ পৰা আহিব 3০ question 1 Marks, Logical Reasoning and mental ability ৰ পৰা আহিব 20 Question 1 marks, General mathematics ৰ পৰা আহিব 35 Marks 1 Marks, General English ৰ পৰা আহিব 35 1 Marks, মুঠ ১৫০টা প্ৰশ্ন আৰু মুঠ নম্বৰ থাকিব ১৫০ ৷৩ ঘণ্টা সময়জুৰি অনুষ্ঠিত হ’ব পৰীক্ষা

হাইস্কুল পৰ্যায়ৰ পদৰ বাবে (চালক) (For HSLC level posts) (Driver)

অনুষ্ঠিত হ’ব লগা পৰীক্ষাটোত Social Studies ৰ পৰা আহিব 20 question 1 marks, General Knowledge ৰ পৰা আহিব 3০ question 1 Marks, Logical Reasoning and mental ability ৰ পৰা আহিব 20 Question 1 marks, General mathematics ৰ পৰা আহিব 30 Marks 1 Marks, General English ৰ পৰা আহিব 30 1 Marks, Road Transport 20 Question ৰ পৰা আহিব 1 Marks, মুঠ ১৫০টা প্ৰশ্ন আৰু মুঠ নম্বৰ থাকিব ১৫০ ৷৩ ঘণ্টা সময়জুৰি অনুষ্ঠিত হ’ব পৰীক্ষা ৷

আনহাতে, চতুৰ্থ বৰ্গৰ পদৰ বাবে দুটা শাখাত অনুষ্ঠিত হ’ব পৰীক্ষা। অষ্টম শ্ৰেণীলৈকে শিক্ষা অৰ্হতা থকা প্ৰাৰ্থীসকলৰ বাবে এটা আৰু দশম শ্ৰেণীলৈকে শিক্ষা অৰ্হতা থকা প্ৰাৰ্থীসকলৰ বাবে আন এটা পৃথক শাখাত অনুষ্ঠিত হ’ব পৰীক্ষা। একে প্ৰশ্নবোৰ- English, Social Studies, Mathematics, General Knowledge আৰু Logical Reasoning and mental ability. মুঠ নম্বৰ ১৩৫ প্ৰত্যোকটো প্ৰশ্নৰ বিপৰীতে ১ নম্বৰকৈ থাকিব। ইয়াতো ভুলৰ বাবে থাকিব নিগেটিভ নম্বৰ। ০.২৫ ঋণাত্মক নম্বৰ। এই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময় ২ ঘণ্টা ৩০ মিনিট।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button