পোলেণ্ড ভ্ৰমণ কৰি আপ্লুত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেক্স, ২২ আগষ্টঃ
পোলেণ্ড ভ্ৰমণত ব্যস্ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰীগৰাকী পোলেণ্ডৰ ৰাজধানী ৱাৰ্ছত উপস্থিত হয়। পোলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী ষ্টেনিছলা জানুছে বিমানবন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনায়।
ইয়াৰ পাছত তেওঁ নৱনগৰ স্মৃতিসৌধৰ জাম চাহেব, মণ্টে কেচিনোৰ যুদ্ধ স্মৃতিসৌধ আৰু কলহাপুৰ স্মাৰকত পুষ্পাঞ্জলি অৰ্পণ কৰে। তাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে পোলেণ্ডত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে পোলেণ্ডত ভাষণ প্ৰসংগত কয়, ‘‘পোলেণ্ডৰ সকলো লোক বিভিন্ন প্ৰান্তৰ পৰা আহিছে। সকলোৰে ভাষা-উপভাষা, খাদ্যাভাসো পৃথক। কিন্তু আপোনালোক সকলো ভাৰতীয়ত্বৰ অনুভূতিৰে নিবিড়ভাবে জড়িত। আপোনালোকে মোক ইয়াত ইমান সুন্দৰ আদৰণি জনাইছে যে মই আপোনালোক সকলোৰে প্ৰতি, পোলেণ্ডৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞ।’’
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত যেতিয়া পোলেণ্ডক বিভিন্ন সমস্যাই বেৰি ধৰিছিল, যেতিয়া পোলেণ্ডৰ সহস্ৰাধিক মহিলা আৰু শিশুৱে আশ্ৰয় বিচাৰি হাহাকাৰ কৰিছিল, তেতিয়া জাম চাহেব, দিগ্বিজয় সিং, ৰঞ্জিত সিং জাদেজা জী আগবাঢ়ি আহিছিল। যিসকলে ক’তো আশ্ৰয়ৰ বাবে এডুখৰি ঠাই বিচাৰি নাপালে, ভাৰতে সেইসময়ত তেওঁলোকক নিজৰ ভূমি আৰু হৃদয়ত স্থান দিলে। এয়াই হ’ল মহান ভাৰতীয় সংস্কৃতি।’’