Sports

পেৰিছ অলিম্পিকত ভাৰতৰ সাফল্য,অলিম্পিকত আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেলত মহিলাৰ পাছতেই পুৰুষ দল

নিউজ ডেক্স, ২৬ জুলাইঃ

২০২৪ৰ পেৰিছ অলিম্পিকৰ প্ৰথম দিনটো ভালকৈয়ে পাৰ হ’ল টীম ইণ্ডিয়াৰ৷ অলিম্পিক্সৰ আৰম্ভণিৰ দিনটোতেই ভাৰতীয় মহিলা খেলুৱৈয়ে দৃষ্টি কাঢ়িলে বহুজনৰ৷ পেৰিছ অলিম্পিকত প্ৰথম সাফল্য ভাৰতৰ৷ যোগ্যতা অৰ্জন পৰ্ব খেলত আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেলত স্থান দখল কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মহিলা দলে ৷ দলত আছে দীপিকা কুমাৰী, অংকিতা ভকত আৰু ভজন কৌৰ৷ বৃহস্পতিবাৰে আৰ্চাৰীত মহিলাসকলৰ ব্যক্তিগত আৰু দলগত ৰেংকিং ইভেণ্ট আছিল৷ তাতেই দীপিকা, অংকিতা আৰু ভজনে চতুৰ্থ স্থান দখল কৰে৷ তেওঁলোকৰ মুঠ স্কৰ পয়েণ্ট হৈছে ১৯৮৩৷ সকলোবোৰৰ মাজত অংকিতাই সকলোতকৈ বেছি ৬৬৬ পয়েণ্ট স্কোৰ কৰে৷ ভজনৰ স্কোৰ পয়েণ্ট হৈছে ৬৫৯৷ আৰু দীপিকাৰ স্কোৰ পয়েণ্ট হৈছে ৬৫৮ ৷ প্ৰথম স্থানত আছে দক্ষিণ কোৰিয়া৷ দ্বিতীয় স্থানত চীন আৰু তৃতীয় স্থানত মেক্সিকো৷ ভাৰত আছে চতুৰ্থ স্থানত৷

মহিলা আৰ্চাৰী দলৰ পাছত এইবাৰ পুৰুষ আৰ্চাৰী দলেও দেখুওৱালে দুৰ্দান্ত প্ৰদৰ্শন৷ সুন্দৰ প্ৰদৰ্শন কৰি ৩ নম্বৰত শেষ কৰি পোনে পোনে অন্তিম আঠৰ টিকট নিশ্চিত কৰে ভাৰতীয় পুৰুষ দলে। প্ৰথম ৰাউণ্ডৰ খেলত ভাৰতীয় পুৰুষ আৰ্চাৰী দলৰ মুঠ স্ক’ৰ ২০১৩। দলত আছে ধীৰাজ বোম্মাদেৰাভা, তৰুণদীপ ৰায় আৰু প্ৰবীণ যাদৱ। ভাৰতীয় দলৰ ভিতৰত আটাইতকৈ বেছি ৬৮১ পইণ্ট স্ক’ৰ কৰে ধীৰাজ বোম্মাদেৰাভাই। তাৰ পিছত ৬৭৬ পইণ্ট স্ক’ৰ কৰে তৰুণদীপ ৰায়ে, প্ৰবীণ যাদৱে সংগ্ৰহ কৰে ৬৫৮ পইণ্ট। এই শাখাত ২০৪৯ স্ক’ৰ কৰি প্ৰথম স্থানত দক্ষিণ কোৰিয়া আৰু ২০২৫ পইণ্ট স্ক’ৰ কৰি দ্বিতীয় স্থানত আছে ফ্ৰান্স।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button