পুনৰ মাধমাৰ জনতাক ৰাজ্য চৰকাৰৰ,GMCH ত বৃদ্ধি হ’ল চিকিত্সা সেৱাৰ মাচুল
নিউজ ডেক্স, ২ আগষ্টঃ
দৰিদ্ৰ-নিম্ন মধ্যবিত্তক আকৌ এবাৰ মাধমাৰ ৰাজ্য চৰকাৰৰ। এতিয়াৰে পৰা আৰু অধিক ব্যয়বহুল হ’ল চৰকাৰী চিকিত্সা সেৱা। আজিৰে পৰা বৃদ্ধি পালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চিকিৎসা মাচুল। ১০০ৰ পৰা ৩০০ শতাংশ পৰ্যন্ত বৃদ্ধি পালে চিকিত্সা সেৱা মাচুল। চিকিৎসালয়খনত মুঠ ১০৭ টা পৰীক্ষাৰ মাচুল বৃদ্ধি কৰা হৈছে। জি এম চি এইছৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক আৰু অধ্যক্ষৰ স্বাক্ষৰ সম্বলিত এক নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা ৰোগীয়ে পঞ্জীয়ন মাচুল হ’ব ২০ টকা। পূৰ্বে ৰোগীৰ পঞ্জীয়নৰ বাবে দিবলগীয়া হৈছিল ১০ টকা। প্ৰতিদিনৰ বেড চাৰ্জো পূৰ্বৰ ১০ টকাৰ পৰা ২০ টকালৈ বৃদ্ধি কৰা হৈছে। বৃদ্ধি হৈছে পেয়িং কেবিনৰো মাচুল। চিকিৎসালয়খনত পূৰ্বে এটা পেয়িং কেবিনৰ বাবে ৰোগীয়ে এদিনৰ বাবদ দিবলগীয়া হৈছিল ১,০০০ টক। এতিয়া ইয়াৰ বাবে দিব লাগিব ১২০০ টকা। LFTৰ পূৰ্বৰ মাচুল ৪১০ টকাৰ পৰা ৯০০ টকালৈ বৃদ্ধি আৰু LIPID PROFILE TESTত পূৰ্বৰ ৩৬৫ৰ পৰা ৫০০ টকালৈ বৃদ্ধি কৰা হ’ল। থাইৰয়ড পৰীক্ষাৰ মাচুলৰ ৬০০ ৰ পৰা ৮০০ টকা, ডি ভিটামিন পৰীক্ষাৰ মাচুল ১২০০ টকাৰ পৰা ১৫০০ টকালৈ বৃদ্ধি। ইউৰিণ প্ৰ’টিন পৰীক্ষাৰ বাবে ৭৫ টকাৰ পৰিৱৰ্তে দিব লাগিব ১৫০ টকা । লিভাৰ পৰীক্ষাতো ৮০ টকাৰ পৰিবৰ্তে দিব লাগিব ১৫০ টকা। TIBC পৰীক্ষাত ১৫০ টকাৰ পৰিৱৰ্তে দিব লাগিব ৩০০ টকা । প্ৰ’টিনৰ সম্পূৰ্ণ পৰীক্ষাৰ বাবে দিব লাগিব ৩০০ টকা ,পূৰ্বে প্ৰ’টিনৰ সম্পূৰ্ণ পৰীক্ষাৰ বাবদ দিব লাগিছিল ৯০ টকা। ANA প্ৰফাইল টেষ্টৰ মাচুল ৩,০০০ টকাৰ পৰা ৩,৫০০ টকালৈ বৃদ্ধি। ইউৰিন ACR টেষ্টৰ মাচুল ২৫০ টকাৰ পৰা ৩৫০ টকালৈ বৃদ্ধি আৰু RBS পৰীক্ষাৰ মাচুল ৩০ টকাৰ পৰা হ’ল ৬০ টকা। তেজৰ CKMB পৰীক্ষাৰ মাচুল ৩১৫ টকাৰ পৰা ৬০০ টকালৈ বৃদ্ধি,৩০০ টকাৰ FOLATE পৰীক্ষাৰ মাচুল একেবাৰতে বাঢ়িল ৯০০ টকালৈ।
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত জুৰুলা জনসাধাৰণ ওপৰত মাধমাৰ মাৰি যোৱা কেইটামান মাহৰ ভিতৰতে ঔষধ কোম্পানীসমূহে বৃদ্ধি কৰিছিল জীৱনদায়িনী ঔষধৰ মূল্য। জি এম চি এইছত প্ৰায়সমূহ চিকিৎসা সেৱা, প্ৰয়োজনীয় পৰীক্ষা আদি উপলব্ধ বাবেই শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় প্ৰতিটো প্ৰান্তৰে ৰোগী আহে। শীঘ্ৰে ৰাজ্যৰ সকলো চৰকাৰী হাস্পতালতে বৃদ্ধি পাব মাচুল৷
চিকিৎসালয়ৰ মাচুল বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া GMCHৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ ‘আমি দৰিদ্ৰ লোকৰ বিনামূলীয়াকৈ চিকিৎসা কৰিছোঁ। ধন দিবলৈ সক্ষম নোহোৱা ৰোগীসকল আহক আমাৰ ওচৰলৈ। যিমান পাৰোঁ আমি সহায় কৰিম।’