পুনৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, অসম অভিমুখী যাত্ৰীবাহী ৰে’ল দুৰ্ঘটনাত পতিত, মুকলি ৰে’ল বিভাগৰ পৰা হেল্প লাইন নম্বৰ
নিউজ ডেক্স, ১৮ জুলাইঃ
পুনৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ৰে’ল দুৰ্ঘটনাটো। চণ্ডীগড়-ডিব্ৰুগড় ৰে’লখন দুৰ্ঘটনাত পতিত হৈছে। উত্তৰ প্ৰদেশৰ গোণ্ডাত সংঘটিত হয় এই দুৰ্ঘটনা। ১৫৯০৪ নম্বৰ ডিব্ৰুগড় এক্সপ্ৰেছ ৰে’লখন পতিত হয় দুৰ্ঘটনাত। দুৰ্ঘটনাৰ ফলত ৰে’লখনৰ ১২টা ডবা লাইনচ্যুত হয়। লক্ষ্ণৌ সংমণ্ডলৰ গোণ্ডা আৰু মানকপুৰ ষ্টেশ্যনৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনা। । এতিয়ালৈকে ৰে’ল দুৰ্ঘটনাৰ অধিক তথ্য লাভ কৰা হোৱা নাই। ৰে’লখনত অসমৰ বহু যাত্ৰী থকাৰ আশংকা কৰা হৈছে ৷ দুৰ্ঘটনাৰ খবৰ ভাইৰেল হোৱা মাত্রকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতিৰ খোজখবৰ লোৱা বুলি বিশেষ টুইট শ্বেয়াৰ কৰিছে। সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে তেওঁ অবিৰাম যোগাযোগ ৰখাৰ খবৰ এক্স হেণ্ডেলত প্ৰকাশ কৰিছে মুখ্যমন্ত্রীয়ে।
টুইটযোগে শোক প্ৰকাশ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ৷ আৰু উদ্ধাৰ অভিযানৰ বাবে সকলো ব্যৱস্থা ল’বলৈ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে।
দুৰ্ঘটনাৰ পাছতেই যাত্ৰীক ট্ৰেইনৰ পৰা বাহিৰলৈ ওলিওৱা কামত ব্রতী হৈছে উদ্ধাৰকাৰী দলা কেনেকৈ এই দুর্ঘটনা সংঘটিত হ’ল সেই বিষয়ে কোনো স্পষ্ট তথ্য প্রকাশ পোৱা নাই। উত্তৰপ্ৰদেশ চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যেই দুর্ঘটনাস্থলীলৈ পঠিওৱা হৈছে পর্যবেক্ষণকাৰী দলৰ লগতে উদ্ধাৰকাৰী দলা ৰেল দুর্ঘটনাত পতিত কেইবাগৰাকীও লোকক তাৎক্ষণিকভারে ভর্তি কৰোৱা হৈছে নিকটবর্তী হাস্পতালত ৷ ৰে’ল দুৰ্ঘটনাৰ পিছত একাধিক হেল্প লাইন নম্বৰ মুকলি ৰে’ল বিভাগৰ।
গুৱাহাটী ষ্টেচনৰ হেল্প লাইন নম্বৰ 0361-2731621, 0361-2731622, 0361-2731623। লক্ষ্ণৌ ষ্টেচনৰ হেল্প লাইন নম্বৰ : 8957409292, গোণ্ডা ষ্টেচনৰ হেল্প লাইন নম্বৰ: 8957400965 ডিব্ৰগড়ৰ হেল্প লাইন নম্বৰ : 9957555960 । ফৰকাটিং জংচনৰ হেল্প লাইন নম্বৰ : 9957555966, মৰিয়নী জংচনৰ হেল্প লাইন নম্বৰ : 6001882410, শিমলুগুৰি জংচনৰ হেল্প লাইন নম্বৰ: 6001882410, তিনিচুকীয়াৰ হেল্প লাইন নম্বৰ : 9957555959৷