National

পুনৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, দুৰ্ঘটনাত ২জন নিহত

নিউজ ডেক্স, ৩০ জুলাইঃ

পুনৰ দেশত সংঘটিত হৈছে আন এক ৰে’ল দুৰ্ঘটনা ৷ পুৱতি নিশা ঝাৰখণ্ডৰ টাটানগৰৰ সমীপত সংঘটিত হয় ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। হাওৰাৰ পৰা মুম্বাইলৈ যোৱা ১২৮১০ হাওৰা-CSMT মেইলৰ ১০টাকৈ ডবা লাইনচ্যুত হোৱাৰ ফল এই দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা অনুসৰি এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত বৰ্তমানলৈ ২ জন লোক নিহত হয় ৷ আনহাতে ১৫০গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ লাভ কৰা গৈছে। আহত লোক সকলক ততাতৈয়েকৈ উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ পুৱতি নিশা প্ৰায় ৩.৪৫ বজাত দুৰ্ঘটনাগ্ৰস্ত ৰে’লখন। ঝাৰখণ্ডৰ চক্ৰধৰপুৰৰ ৰাজখৰস্ৰান আৰু বদাবাম্বোৰ মাজত সংঘটিত হয় এই ট্রেইন দুর্ঘটনাটো। ইতিমধ্যে ৰে’ল দুর্ঘটনাৰ পিছতে ৰে’ল বিভাগে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। উদ্ধাৰৰ বাবে পাটনাৰ পৰা প্ৰেৰণ কৰা হৈছে NDRFৰ এটা দল।

প্ৰাৰম্ভিক তথ্য অনুসৰি দুদিন পূৰ্বে এই ৰে’ল পথটোত পূৰ্বে এখন মালবাহী ৰে’ল লাইনচ্যুত হৈছিল, আৰু লাইনচ্যুত ডবাৰ সৈতে হাওৰা-CSMT মেইলে খুন্দা মাৰে। চক্ৰধৰপুৰ ৰে’ল দুৰ্ঘটনাৰ পিছত ৰাঁচীত হেল্প ডেস্ক মুকলি কৰা হৈছে। ইতিমধ্যে ৰাঁচীৰ পৰা চিকিৎসকৰ দলো চক্ৰধৰপুৰলৈ ৰাওনা হৈছে। ৰাঁচীৰ পৰা অহা চিকিৎসা দলটোক পুৱা ৫ বজাত বিশেষ ভ্যানত চক্ৰধৰপুৰলৈ প্ৰেৰণ কৰা হৈছে। ৰে’ল দুৰ্ঘটনাৰ সৈতে জড়িত তথ্য লাভৰ বাবে ৰাঁচীৰ হেল্প ডেস্কৰ নম্বৰ হৈছে ০৬৫১-২৭-৮৭১১৫। ইয়াৰ উপৰিও আন আন হেল্পলাইন নম্বৰো জাৰি কৰা হৈছে। সেইকেইটা হৈছে- টাটা- ০৬৫৭-২২৯০৩২৪, আৰ এল ৱাই- ৭৩৫২৩

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button