National

পুনৰ পিছুৱালে মল্লযোদ্ধা ভিনেশ ফোগাটৰ ৰায়দানৰ সময়

নিউজ ডেক্স, ১৪ আগষ্টঃ
পেৰিছ অলিম্পিক শেষ হ’লা এইবাৰৰ অলিম্পিকত ভাৰতে মুঠ ৬টা পদক অর্জন কৰিছে। সোণৰ নিচেই কাষত থিয় হৈয়ো সোণৰ পদক অর্জন কৰিব নোৱাৰিলে ভাৰতে ।
ফাইনেলৰ পূৰ্বে পেৰিছ অলিম্পিকৰ ৫০ কেজি মল্লযুঁজৰ শাখাত ভাৰতৰ বিনেশ ফোগাটে ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু মেচৰ আগতে যেতিয়া তেওঁৰ ওজন কৰা হৈছিল তেতিয়া ১০০ গ্ৰাম বেছি আছিল। তাৰ পিছত তেওঁক অযোগ্য ঘোষণা কৰা হয়। হতাশ হৈ মল্লযুঁজক বিদায় দিয়াৰ কথাও জনাইছে বিনেশে। অযোগ্য ঘোষণাৰ পিছত বিনেশে ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টছ (CAS)ত আবেদন জনায়।

ক’ৰ্ট অৱ আৰ্বিট্ৰেশ্বনৰ এড-হক ডিভিজন নেভিগেছন বিভাগে এতিয়াও শেষ কৰিব পৰা নাই বিনেশৰ আপীলৰ শুনানি। প্ৰাথমিক সিদ্ধান্ত অনুসৰি ১৩ আগষ্টত ৰায়দানৰ কথা আছিল। কিন্তু আকৌ পিছুৱাই দিয়া হ’ল ৰায়দানৰ তাৰিখ। এইবাৰ ১৬ আগষ্টত এই সিদ্ধান্ত ঘোষণা হোৱাৰ কথা।
ক’ৰ্ট অৱ আৰ্বিটেশ্বনে মঙলবাৰে এক বিবৃত্তিৰ জৰিয়তে ১৬ আগষ্ট পৰ্যন্ত সিদ্ধান্ত স্থগিত কৰাৰ কথা জানিবলৈ দিছে। বিবৃত্তিটোত কোৱা হৈছে যে, “অলিম্পিক গেমছৰ নিয়মৰ ১৮ নং অনুচ্ছেদৰ অধীনত ক’ৰ্ট অৱ আৰ্বিটেশ্বন ডিভিজনৰ অধ্যক্ষ পেনেলৰ সিদ্ধান্ত দিয়াৰ বাবে ১৬ আগষ্টৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। ১৬ আগষ্টৰ নিশা ৯.৩০ বজাত ৰায় দিব CAS-এ

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button