National

পুনৰ ধাৰাসাৰ বৰষুণ! সতৰ্ক কৰি দিলে মহানগৰ আৰক্ষীয়ে

নিউজ ডেক্স, ৭ আগষ্টঃ
পুনৰ ধাৰাসাৰ বৰষুণ ৷ এজাক বৰষুণৰ পিছতে মহানগৰীৰ প্ৰান্তে প্ৰান্তে জলমগ্ন সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। সোমবাৰে হোৱা বান এতিয়া বহু স্থানত শুকুৱা নাই ৷ তেনে সময়তে আজি বিয়লি পুনৰ এজাক বৰষুণে বুৰাই পেলালে মহানগৰীৰ বিভিন্ন প্ৰান্ত। মহানগৰীত বৰষুণ আৰম্ভ হোৱাৰ লগে লগে গুৱাহাটীবাসীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সতৰ্ক কৰি দিয়ে ৷ প্ৰয়োজন নহ’লে যান-বাহন ব্যৱহাৰ নকৰাৰ বাবে আহ্বান । অন্যথা পুনৰ ভয়ংকৰ যান জোঁট হোৱাৰ সম্ভাৱনা। সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান লগতে জি এছ ৰোড আৰু ডাউন টাউন হাস্পতালৰ দিশে নাযাবলৈও জনসাধাৰণক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে । টুইটাৰ যোগে তেখেতে সতৰ্ক কৰি কয় যে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

আনফালে গুৱাহাটীৰ যান-বাহন আৰক্ষীৰ হেল্পলাইন নম্বৰ মুকলি কৰি দিছে আৰক্ষীয়ে। +91 3612730989, +916026176755, +91 6901269006 ফোন কৰিবলৈ আহ্বান জনাইছে গুৱাহাটী যান-বাহন আৰক্ষীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button