পুনৰ জে’ললৈ ৰাকেশ পাল, APSC কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড

নিউজ ডেক্স, ২৯ জুলাইঃ
APSCৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰি ৷ একাংশক বক্ৰপথেৰে এ পি এছ চিৰ পৰীক্ষাত উৰ্ত্তীণ কৰোৱা ৰাকেশ পাল বাহিনীক ইতিমধ্যে দোষী সাব্যস্ত কৰিলে বিশেষ আদালতে ঘোষণা কৰিলে শাস্তি। APSC কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড। ৪টা অপৰাধত দোষী সাব্যস্ত ৰাকেশ পাল। ২ লাখ টকাৰ জৰিমনাও ভৰিব লাগিব ৰাকেশ পালে। ৰাকেশ পালৰ সহযোগী বসন্ত দলে আৰু ছামেদুৰ ৰহমানক আদালতে ১০বছৰৰ কাৰাদণ্ডৰ লগতে ৫০হাজাৰ টকাৰ জৰিমনা বিহে আদালতে। ৪ বছৰ কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনাও বিহিলে আদালতে। সেই ২৯ গৰাকী হৈছে- সংঘমিত্ৰা শ্যাম, কবীন কিল্লিংপি, সত্যনাথ ডেকা, শ্বাহিদ আজিজ হক, বিশ্বজিত দলে, ৰৌচন ৰইফ, দীপাংক বাৰিক, বিদ্যুত কুমাৰ দাস, ঋতুৰাজ সোণোৱাল, অল্পনা ডেউৰী, প্ৰিয়ংকা বৰা, বৰ্ণালী মেধি, ছুইটি বৰা হাজৰিকা, মফিদা বেগম শইকীয়া, প্ৰীতি দাস, কেশৱানন্দ বৰা, অঞ্জন লয়িং, জয়ন্ত জিৎ দাস, কল্যাণ শৰ্মা, প্ৰণৱ ভৰালী, বিপুল কুমাৰ ডেকা, কমল কৃষ্ণ দাস, জ্যোতি ৰেখা দাস, অলক কুমাৰ মালী, ফণীন্দ্ৰ শইকীয়া, প্ৰাঞ্জল বৰ্মন, জয়ন্ত চাবুকধৰ, বৈচিত্ৰ হাকমাওচা, ৰোষেশ্বৰ টিমুং ।
উল্লেখ্য যে APSCৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ ভঙাগড় থানাৰ 159/17 গোচৰত দোষী সাব্যস্ত হৈছিল ৰাকেশ পালসহ ৩২জন। APSCৰ কৃষি উন্নয়ন বিষয়া নিযুক্ত কেলেংকাৰীৰ গোচৰৰ ২২ জুলাইত চূড়ান্ত ৰায়দান দিছিল আদালতে। বিশেষ ন্যায়াধীশৰ আদালতে মুল অভিযুক্ত হিচাপে ৰাকেশ পাল, বসন্ত কুমাৰ দলে, ছামেদুৰ ৰহমানৰ সৈতে মুঠ ৩২গৰাকীক দোষী সাব্যস্ত কৰিছিল। আনহাতে ইতিমধ্যে দোষমুক্ত কৰা ১১গৰাকী ভিতৰত ৬ গৰাকী প্রাৰ্থী আৰু ৫গৰাকী মধ্যভোগী।
উল্লেখ্য যে, ২০১৬ চনৰ ৪ নৱেম্বৰত APSC কাৰ্যালয়ৰ পৰা ৰাকেশ পালক গ্ৰেপ্তাৰ কৰা হৈছিল।