National

পুনৰ গৰজিল আৰক্ষীৰ বন্দুক,গো-মাফিয়ালৈ আৰক্ষীৰ গুলী, গোৱালপাৰাত আৰক্ষীয়ে চলোৱা গুলীত আহত দুই অভিযুক্ত

নিউজ ডেক্স, ১৮ জুলাইঃ
গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত এনকাউণ্টাৰ। গোলকগঞ্জৰ পশ্চিম গাইখোৱাত গো-মাফিয়ালৈ আৰক্ষীৰ গুলী৷ আৰক্ষীৰ গুলীত গুলীবিদ্ধ ছিৰাজুল হক৷ পুৱতি নিশা আৰক্ষীক আক্ৰমণ কৰি পলায়ন কৰাৰ চেষ্টা চলাইছিল গো মাফিয়া ছিৰাজুলে। সেই সময়তে গুলীচালনা কৰে গোলকগঞ্জ আৰক্ষীয়ে। ছিৰাজুল হকক লগত লৈ নিশা গাইখোৱাত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষীৰ এটা দলে। সেই সময়তে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাইছিল গো মাফিয়া ছিৰাজুলে। ফলত গোলকগঞ্জ আৰক্ষীৰ গুলীত আহত হয় গো মাফিয়াটো। বৰ্তমান ছিৰাজুলক ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে।

যোৱানিশা গোৱালপাৰাত সংঘটিত হয় এনকাউণ্টাৰৰ ঘটনা। আৰক্ষীৰ গুলীত আহত হয় দুই দুৰ্ধৰ্ষ ডকাইত। গুলীবিদ্ধ ডকাইত দুটাৰ নাম আছান আলী আৰু জাহিদুল ইছলাম। আগিয়া থানাৰ পৰা তদন্তৰ বাবে লৈ অহাৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা চলাইছিল ডকাইত দুটাই। যাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয়। দুয়োটা ডকাইত অশোক গোৱেলৰ হত্যাকাণ্ডৰ লগত জড়িত। আছান আলী আছিল অশোক গোৱেলৰ বাহন চালক আৰু জাহিদুল ইছলাম আছিল ডকাইতৰ দলটোৰ বাহন চালক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button