পুনৰ কাৰাগাৰলৈ উভতিব লাগিব কেজৰিৱাল,২ জুনত আত্মসমৰ্পণ কৰিব লাগিব কেজৰিৱালে!
নিউজ ডেক্স, ২৯ মে’
উচ্চতম ন্যায়ালয়ে সকাহ নিদিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক৷ ২ জুনত তিহাৰ জে’লত আত্মসমর্পণ কৰিব লাগিব কেজৰিৱালে ৷
দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে ৭ দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন বৃদ্ধিৰ বাবে আবেদন জনাইছিল। আবেদনত কেজৰিৱালে কয় যে গ্ৰেপ্তাৰৰ পিছত তেওঁৰ ওজন ৭ কেজি কমিছে। কেৱল এয়াই নহয়, তেওঁৰ কিট’নৰ মাত্রাও বৃদ্ধি পাইছে। এনে পৰিস্থিতিত এই লক্ষণ কিছুমান গুৰুতৰ ৰোগৰ হ’ব পাৰে। ডাক্তৰে পৰীক্ষা কৰিছে। এতিয়া PET-CT scan আৰু বহুতো পৰীক্ষা কৰিব লাগিব। এনে পৰিস্থিতিত এই তদন্তৰ বাবে ৭ দিনৰ সময় দিব লাগে।
অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা ৭ দিনৰ বৃদ্ধিৰ আৱেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়কে। পঞ্জীয়নত উল্লেখ কৰা অনুসৰি উচ্চতম ন্যায়ালয়ে মুখ্যমন্ত্ৰীক বিচাৰ আদালতত জামিন আৱেদন দাখিল কৰাৰ অনুমতি প্ৰদান কৰিছে। ইয়াৰ অৰ্থ স্পষ্ট যে ২ জুনৰ ভিতৰত কেজৰিৱালে আত্মসমৰ্পণ কৰিব লাগিব। ২১ মাৰ্চত দিল্লীৰ সুৰা কেলেংকাৰীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পূৰ্বে ইডিয়ে তেওঁক এই গোচৰত সোধা-পোছাৰ বাবে ৯টা চমন জাৰি কৰিছিল। অৱশ্যে কোনো চমনত কেজৰিৱাল হাজিৰ হোৱা নাছিল। ইডিৰ গ্ৰেপ্তাৰক উচ্চতম ন্যায়ালয়ত প্রত্যাহ্বান জনাইছে কেজৰিৱালে। এই আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্ত অটল কৰি ৰাখিছিল। অৱশ্যে নিৰ্বাচনত প্ৰচাৰৰ বাবে কেজৰিৱালক ১ জুনলৈকে অন্তৱৰ্তীকালীন জামিন প্রদান কৰিছিল আদালতে।