Tech

পানীত চলা এখন বিশেষ চাইকেল নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছে শিৱসাগৰৰ এজন যুৱ উদ্ভাৱক শুভাশীষ শৰ্মাই

নিউজ ডেক্স, ১০ জুনঃ

পানীত চলা এখন বিশেষ চাইকেল নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছে শিৱসাগৰ জিলাৰ শলগুৰিৰ এজন যুৱ উদ্ভাৱক শুভাশীষ শৰ্মাই৷ নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবেই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম লিপিৱদ্ধ কৰিবলৈ সক্ষম হৈছে শুভাশীষ শৰ্মাই । ৰুটি মেকাৰ,একুৰিয়াম,কণী ইনকিউবেটৰ,শাক পাচলি কাটাৰ,ৰাইচ থ্ৰেচাৰ,উচ্চতা জোখা যন্ত্ৰকে ধৰি মুঠ আঠ টাকৈ যন্ত্ৰ উদ্ভাৱন কৰি ৰাজ্যৰ লগতে সমগ্ৰ ভাৰততে নিজৰ নাম উজলাবলৈ সক্ষম হৈছে শুভাশীষ শৰ্মাই।বৰ্তমান যুৱক জনে পানীত চলাব পৰা এখন চাইকেল উদ্ভাৱন কৰি চমক সৃষ্টি কৰিছে।অসমৰ বহু ঠাইত কৃটিম বানৰ বাবে ৰাইজ বহু অসুবিধাৰ সন্মুখীন হব লগাত পৰিছে।সেয়েহে শুভাষীশে নিৰ্মাণ কৰি উলিওৱা চাইকেল খনে ৰাইজক যথেষ্ট সকাহ দিব বুলি আশা প্ৰকাশ কৰিছে৷
এনে এগৰাকী প্ৰতিভা সম্পন্ন যুৱকলৈ আমাৰ তৰফৰ পৰাও জনালো অলেখ শুভ কামনা।।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button