National

পাতি লোৱা ভায়েকে ‘ৰীলচ ৰাণী’ বায়েক চুমিক দিয়া উপহাৰৰ তথ্যলাহ-বিলাসৰ নামত কিমান টকা খৰচ কৰিছিল বিশাল ফুকন,চুমিয়ে?

নিউজ ডেক্স, ৫ ছেপ্তেম্বৰঃ

লাহ-বিলাসৰ নামত খৰচ কৰিছিল কোটি কোটি টকা, প্ৰৱঞ্চনাৰ ধন পানীৰ দৰে খৰচ কৰিছিল বিশাল, চুমিয়ে৷ পোহৰলৈ আহিছে বিশাল-চুমিৰ বিশাল সা-সম্পত্তিৰ আন কেতবোৰ বিতং তথ্য। বায়েকক কোটি লাখ টকীয়া উপহাৰ দিছিল পাতি লোৱা ভায়েকে৷ আৰক্ষীৰ মাৰাথন জেৰাত বিশালে দিছে ধন আহৰণ-ব্যয়ৰ হিচাপ, যি হিচাপে তদন্তকাৰী আৰক্ষীৰ লগতে তালিকা দেখিলে চকু কঁপালত উঠিব আপোনাৰ।

বিশাল ফুকনৰ সম্পত্তিৰ তালিকা
ডিব্ৰুগড়ৰ বৈৰাগীমঠত ২ হাজাৰ বৰ্গফুটৰ অত্যাধুনিক কাৰ্যালয়, কাৰ্যালয়টোৰ ইণ্টেৰিয়’ৰ ডিজাইনত খৰচ কৰিছিল ৮৫ লাখ টকা। কৰিশ্মা কাকতিক ৮৫ লাখৰ ৫০ শতাংশ নগদ ধন দিছিল, বিশাল চুমিয়ে পূৰ্বাঞ্জলি এপাৰ্টমেণ্টৰ ৫০৩নং ফ্লেট কিনিছিল ৬৩.২৫ লাখেৰে। ফ্লেটটো কিনোতে ৪৪ লাখ টকা নগদ দিছিল বিশাল৷
মহাপ্ৰৱঞ্চক বিশালে এম জি হেক্টৰৰ ৩৩ লাখ টকীয়া গাড়ী উপহাৰ দিছিল মাতৃক৷ বিশাল ফুকনে ভায়েকক দিছিল বিলাসী বাহন ৷ ডিব্ৰুগড়ৰ KIA মটৰ্ছৰ পৰা ক্ৰয় কৰি ২৩.৭০ লাখ টকীয়া KIA SELTOS দিছিল উপহাৰ ভাতৃক জ্যোতিময় ফুকনক দিছিল উপহাৰ ৷ ২০২৩ চনৰ ছেপ্টেম্বৰত ক্ৰয় কৰিছিল বাহনখন ৷

পাতি লোৱা বায়েক চুমি বৰাক উপহাৰ দিছিল লাখ কোটি টকা
ডিব্ৰুগড়ত চুমিৰ বাবে খুলি দিছিল ডান্স একাডেমী। চুমিৰ ডান্স একাডেমীৰ ডিজাইনিঙত ৩৩লাখ টকা খৰছ কৰিছিল ৷ ডান্স একাডেমীৰ মাটিৰ মালিকক দিছিল ৫ লাখ টকা। ডান্স একাডেমীত ছিগমা টাইলছৰ বাবদত দিছিল নগদ ১০ লাখ টকা। ডান্স একাডেমীৰ ছাউণ্ড প্ৰুফৰ নামত ১৫ লাখ টকা ব্যয়।
৭৬ লাখ টকাৰ হীৰাৰ আঙুঠিৰ উপহাৰ বিশালৰ। জন্মদিনত বিশালে দিছিল ২ লাখ টকীয়া টেডী বিয়েৰ। চুমি বৰাৰ ব্যক্তিগত জীম ট্ৰেইনাক মাহে আদায় দিছিল ৫০ হাজাৰ টকা। চুমিৰ স্বামী তার্কিকক কিনি দিছিল ৪৫ লাখ টকীয়া ফচুনাৰ বাহনো।

পাতি লোৱা বায়েক চুমি বৰাৰ ডেষ্টিনেচন ৱেডিঙত কোটি কোটি টকা খৰছ কৰিছিল বিশালে
উদয়পুৰৰ ডেষ্টিনেচন ৱেডিঙত চুমি-তার্কিকৰ বিয়াত ৩ কোটি টকা খৰছ কৰিছিল বিশালে । ডেষ্টিনেচন ৱেডিঙৰ পৰা গুৱাহাটীলৈ বিমান ভাড়াৰ নামত খৰচ কৰা হৈছিল ৩৩ লাখ টকা। বিয়াৰ পিছতে ‘ৰীলছ ৰাণী’ চুমিক বিশালে দিছিল ডুবাই ট্ৰিপৰ উপহাৰ। বিয়াৰ পাছত চুমি -বিশাল, আদিত্য শইকীয়াই গৈছিল ডুবাই ভ্রমণলৈ। ছেভেন ষ্টাৰ হোটেলত আছিল বিশাল, চুমি, আদিত্যম।
বুৰ্জ আৰৱত ৩ দিন কটাইছিল তেওঁলোকে। বুৰ্জ আৰৱৰ প্ৰতি নিশাৰ খৰছ আছিল ১৯ লাখ টকা। হোটেল আটলাণ্টিকত প্ৰতিনিশা ১ লাখকৈ ৫ দিনত দিছিল ৫ লাখ টকা।৫ দিন ডুবাইৰ মলত ডেৰ কোটি টকাৰ বজাৰ কৰিছিল তেওঁলোকে।
বিশালৰ পাৰচেলিয়া ফার্মাচিটিকেল কোম্পানীৰ ল’ঞ্জত চুমি বৰাই লৈ থকা বেগ আৰু ব্লেজাৰৰ ওপৰত মাৰি থোৱা বেল্টডালৰ দাম জানিলে চকু কপালত উঠিব আপোনাৰো। চুমিয়ে লৈ থকা বেগটো বিশ্বৰ এটা প্রতিষ্ঠিত কোম্পানী গুচ্চিৰ দ্বাৰা নিৰ্মিত।ক’লা এই বেগটোৰ ওজন প্রায় ১কেজি।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button