National

পশ্চিমবংগৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি,নিহত পৰিয়াললৈ ২ লাখ টকাৰ সাহাৰ্য্য প্ৰধানমন্ত্ৰীৰ

নিউজ ডেক্স, ১৭ জুনঃ
পশ্চিম বংগৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাত মৃতকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পাইছে।
বৰ্তমান ৰেল বিভাগ আৰু প্ৰশাসনে দুৰ্ঘটনাস্থলীত অভিযান অব্যাহত ৰাখিছে। উদ্ধাৰকাৰী দলে সদৰি কৰা অনুসৰি, মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
সোমবাৰে পুৱাই সংঘটিত হয় এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। কাঞ্চনজংঘা এক্সপ্ৰেছত খুন্দা মাৰে এখন মালবাহী ৰে’লে।
উল্লেখযোগ্য যে, পশ্চিম বংগত সংঘটিত ৰে’ল দুৰ্ঘটনাত হোজাই, লংকা আৰু লামডিঙৰ পৰাও গৈছিল বহু যাত্ৰী। হোজাইৰ পৰা ২৮ গৰাকী, লংকাৰ পৰা ২৩ গৰাকী আৰু লামডিঙৰ পৰা প্ৰায় ৪৩ গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। যাত্ৰীৰ নামৰ সৈতে বিশেষ লিষ্ট প্রকাশ পাইছে। লিষ্টত থকা নামসমূহ হৈছে-
1.Nani Gopal Baru

  1. Subhrajyoti. bhow
  2. Santahanu Basu
  3. Asok Mukharjee
  4. Somnath Singha
  5. Tual Khan Lian
  6. Naryan Singh
  7. Puja Singh
  8. Ayush Singh sarda
  9. Astha sing sarda
  10. Parabati mundari
  11. Puja Das
  12. Bikas das
  13. Josha shil
  14. Susmita shil
  15. Gokul shil
  16. Namita das
  17. Karik shil
  18. Pratima shil
  19. Rahul shil
  20. Chayan das
  21. Sudhanshu Biswas
  22. Kamla Biswas
  23. GC das
  24. Shipra das
  25. BC das
  26. BC das
  27. Jimi Dutta
  28. Ajoy shil
  29. Madhabi das
  30. Biswajit Das
  31. Subhankar sikdar
  32. Pakhi Rani das
  33. Pranali das
  34. Bina Rani das
  35. Bisakaha das
  36. Parul das
  37. Mampi das
  38. Sanjoy Das
  39. Rakhal das
  40. Pranab sarkar
  41. Subham bardhan
  42. Mantaosh mondol
    ইফালে পশ্চিমবংগৰ ৰেল দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰীয়ে টুইটযোগে শোক ব্যক্ত কৰাৰ লগতে আহতসকলৰ উচিত চিকিতসা আৰু উদ্ধাৰ অভিযান ক্ষীপ্ৰ কৰিবৰ বাবে আহ্বান জনায়। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি, ইতিমধ্যে দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ।
    প্ৰধানমন্ত্ৰীয়ে এই দুৰ্ঘটনাত নিহত সকললৈ ২লাখ আৰু আহতসকলক ৫০হাজাৰ টকাৰ প্ৰাৰম্ভিক সাহায্যৰ কথা ঘোষণা কৰিছে।

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শেহতীয়াকৈ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ আত্মীয়লৈ ১০ লাখ টকাৰ এককালীন সাহায্য, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকৰ প্ৰতি ২.৫ লাখ টকা আৰু সামান্য আঘাতপ্ৰাপ্ত লোকৰ প্ৰতি ৫০ হাজাৰ টকাৰ এককালীন ক্ষতিপূৰণ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button