নিৰ্বাচনী প্ৰচাৰ শেষ কৰি ধ্যানত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী!
নিউজ ডেক্স, ২৯ মে’
লোকসভা নিৰ্বাচনৰ প্ৰচাৰ শেষ হোৱাৰ পিছত ধ্যানত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জানিব পৰা অনুসৰি, অহা ৩০ মে’ৰ সন্ধিয়া ৫ বজাত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব। পঞ্জাৱৰ হোছিয়াৰপুৰত অন্তিমখন সভা অনুষ্ঠিত কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু তাৰ পিছত তামিলনাডুৰ কন্যাকুমাৰীলৈ ৰাওনা হ’ব। স্থলভূমিৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত সমুদ্ৰৰ ওপৰত অৱস্থিত বিবেকানন্দ ৰক স্মৃতিসৌধত উপস্থিত হৈ ৩১ মে’ৰ পৰা ১ জুনলৈ সন্ধিয়া (২৪ ঘন্টা) ধ্যান মণ্ডপমত ধ্যান কৰিব। ইয়াৰ বাবে স্থানীয় প্ৰশাসনে প্ৰস্তুতি আৰম্ভ কৰিছে। ৪ জুনত ঘোষণা কৰা হ’ব ফলাফল।
কন্যাকুমাৰীৰ সাগৰৰ মাজত উদয় হোৱা এই বিশাল শিলটোৰ ওপৰত বহি ধ্যান কৰিব। সেইও একেটা শিলতে স্বামী বিবেকানন্দই ধ্যান কৰিছিল। এনে নহয় যে প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ পিছত প্ৰথমবাৰ ধ্যান কৰিবলৈ ওলাইছে। ২০১৪ চনত শিৱাজীৰ প্ৰতাপগড়ত উপস্থিত হয় আৰু ২০১৯ চনত উত্তৰাখণ্ডত অৱস্থিত কেদাৰনাথ গুহাত উপস্থিত হয়।