BusinessFoods

নিৰাপত্তাহীনতাত ভুগিছে অসমৰ চাহ শ্ৰমিক !

নিউজ ডেক্স, ২৩ মে’

নিৰ্বাচনী প্ৰচাৰ আৰু ভোটৰ সময়ত চাহ শ্ৰমিকসকলক চিনি পোৱা চৰকাৰৰ চৰম দায়িত্বহীনতা।অসমৰ ডুমডুমাৰ টঙনাগাঁও চাহ বাগিচাত ৰোগত আক্ৰান্ত শ্ৰমিক। ডায়েৰিয়া সদৃশ ৰোগত এসপ্তাহৰ ভিতৰত প্ৰায় ১১ গৰাকীকৈ শ্ৰমিকৰ মৃত্যু ঘটিছে। তাৰ লগতে অন্যান্য চাহ বাগিচা সমূহতো বিভিন্ন ৰোগ যেনে- কলেৰা, ডায়েৰিয়া জাতীয় ৰোগত শ্ৰমিকসকল আক্ৰান্ত হৈছে। এনে সময়ত ৰাজ্যৰ শ্ৰম বিভাগ তথা বাগিচা কৰ্তৃপক্ষৰ চৰম হেমাহি তথা শেহতীয়াকৈ চাহ বাগান সমূহত অপ্ৰীতিকৰ পৰিস্থিতি বিৰাজ কৰিছে।শ্ৰম বিভাগৰ অধীনস্থ শ্ৰম পৰিদৰ্শক, চিকিৎসা পৰিদৰ্শকসকলে নকৰে বাগিচা পৰিদৰ্শন। শ্ৰমিক সকলৰ শিক্ষা, স্বাস্থ্য, সেৱাকে ধৰি প্ৰাথমিক সা – সুবিধা প্ৰদান কৰাটো বাধ্যতামূলক। কিন্তু তাৰ বিপৰীতে ৰাজ্য চৰকাৰে চাহ শ্ৰমিক সকলক ভালৰি লগোৱাৰ স্বাৰ্থত বাগিচা মালিকপক্ষক দায়বদ্ধ কৰাৰ সলনি চৰকাৰীভাৱে যি সুবিধা শ্ৰমিকসকলে পাব লাগে তাত আওকাণ কৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ প্ৰায়বোৰ চাহ বাগিচাৰ চিকিৎসালয়ৰ অৱস্থা তথৈবচ।৮৫০ খন চাহ বাগিচাৰ চিকিৎসালয় সমূহৰ বিপৰীতে চিকিৎসক আছে মাত্ৰ ২৫০ গৰাকী। চিকিৎসালয় সমূহত নাই প্ৰয়োজনীয় ঔষধ- পাতিৰ ব্যৱস্থা।চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ কিছু পৰিমাণৰ ঔষধ পাতি যোগান ধৰা হয় যদিও সেয়া সীমিত। যাৰ ফলত এতিয়া চাহ শ্ৰমিকসকলে নিজৰ প্ৰাপ্য অধিকাৰ বাবে মাত মাতিছে, অসম চাহ জনজাতি ছাত্ৰ সন্থা তথা বিভিন্ন দল-সংগঠনৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী আদি পালন কৰিছে। কিন্তু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ভূমিকা ৰহস্যজনক আৰু ৰাজ্যৰ চাহ বাগিচা সমূহত বিভিন্ন ধৰণৰ বেমেজালিৰ সূত্ৰপাত ঘটিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button