নালন্দা বিশ্ববিদ্যালয়ৰ নতুন ভৱন শুভ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
নিউজ ডেক্স, ১৯ জুনঃ
প্ৰাচীন ইতিহাসৰ এক পৰিচিত, বিখ্যাত বিশ্ববিদ্যালয় আছিল নালন্দা বিশ্ববিদ্যালয় । নালন্দাৰ জনপ্ৰিয়তাৰ শিখৰে সমগ্ৰ বিশ্বতে চুই গৈছিল। বিশ্বৰ বিভিন্ন প্ৰান্তৰ দূৰ দূৰণিৰ বহু শিক্ষাৰ্থী সেই সময়ত জ্ঞান আহৰণৰ বাবে নালন্দালৈ পঢ়িব আহিছিল।
নালন্দা বিশ্ববিদ্যালয় ভাৰতৰ গৌৰৱৰ প্ৰতীক। কিন্তু কালৰ সোঁতত নালন্দা বিশ্ববিদ্যালয় হেৰাই গৈছিল। নালন্দাৰ বুকুত থকা জ্ঞানৰ ভাণ্ডাৰ জ্বলাই দিয়া হৈছিল। ইতিহাসৰ কাহিনী অনুসৰি বহু দিনলৈ জ্বলি আছিল নালন্দা বিশ্ববিদ্যালয়ত থকা বিভিন্ন কিতাপ – পত্ৰ।
আজি নালন্দা বিশ্ববিদ্যালয়ৰ নতুন ভৱন শুভ উদ্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে
মোৰ এয়া সৌভাগ্য যে তৃতীয় কাৰ্যকালৰ ১০ দিনৰ পিছত মই নালন্দালৈ আহিব পাৰিছো।নালন্দা কেৱল এটা নাম নহয়, নালন্দাৰ নিজৰ এক পৰিচয় আছে, সন্মান আছে।নালন্দাৰ নতুন স্থাপনৰ জৰিয়তে ভাৰতে নিজৰ সামৰ্থ্যৰ পৰিচয় বিশ্বৰ আগত আকৌ দিব ।
বিহাৰৰ ৰাজগীৰস্থিত নালন্দা বিশ্ববিদ্যালয়ে পালে এক নতুন ৰূপ। ১৬শ বছৰ পুৰণি বিশ্ববিদ্যালয়খনৰ নতুন কেম্পাছ উদ্বোধন কৰা হ’ল। ২০১৭ চনত আধাৰ শিলা স্থাপন হোৱাৰ পিছত আজি নৱনিৰ্মিত কেম্পাছটো উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে।