Business
নগদ ধন,বহু কেইখন বাহনসহ সাত দুধৰ্ষ জুৱাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিউজ ডেক্স, ২৩ মে’
লাহৰীঘাটত বুধবাৰে নিশা বৃহৎ জুৱাৰ ঘাটি উৎখাত আৰক্ষীৰ। নগদ ধন,বহু কেইখন বাহনসহ সাত দুধৰ্ষ জুৱাৰী গ্ৰেপ্তাৰ আৰক্ষীৰ। দীৰ্ঘদিন ধৰি এনে একাংশ লোকে লাহৰীঘাটত অবৈধভাৱে চলাই আহিছিল বৃহৎ বৃহৎ জুৱাৰ ঘাটি।বহু অভিযানৰ অন্ততঃ লাহৰীঘাট আৰক্ষীয়ে বুধবাৰে নিশা অঞ্চলটোৰ টেঙাগুৰি ঘাটৰ পৰা গ্ৰেপ্তাৰ কৰে এই দুধৰ্ষ জুৱাৰী কেইজনক ।গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইটা হৈছে হানিফ আলী,অজিত আলী,নুৰ জামাল, জাকিৰ হুছেইন, বাহাৰুল ইছলাম,জালাল উদ্দিন আৰু মহাদেৱ বিশ্বাস। জুৱাৰী কেইটাৰ পৰা আৰক্ষীয়ে নগদ ৭৪,৭০০ টকা,৬ খন মটৰচাইকেল,এখন চাৰিচকীয়া বাহন, ৭ টা ম’বাইল আৰু ৮ পেকেট তাছপাত জব্দ কৰে । বৰ্তমান জুৱাৰী কেইটা লাহৰীঘাট আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে।