Health

দৈনিক কণী খোৱাৰ ৬টা উপকাৰিতা

নিউজ ডেক্স, ৫ আগষ্ট:-

যদি আপুনি দৈনিক কণী সেৱন কৰে তেন্তে আপোনাৰ শৰীৰে বহুতো উপকাৰ লাভ কৰিব পাৰে। ব্ৰেকফাষ্টত কণী আটাইতকৈ বেছি খোৱা খাদ্য সামগ্ৰী। কণীক প্ৰটিনৰ উত্তম উৎস বুলি গণ্য কৰা হয়।


কণীত ভিটামিন A, ভিটামিন D, ভিটামিন E, ৰাইবোফ্লেভিন আৰু ফলেটৰ লগতে চেলেনিয়াম, আয়’ডিন, ফছফৰাছ আৰু জিংক আদি গুণ থাকে, যিয়ে শৰীৰক বহু সমস্যাৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে।


এই ৬ শাৰীৰিক অক্ষমতাত ভোগা লোকে দৈনিক কণী খাব লাগে, পঢ়ক ইয়াৰ কাৰণ আৰু উপকাৰিতা :


১) হৃদযন্ত্ৰ :- কণীত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে যিয়ে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে।


২) পেশী:- কণীক প্ৰটিনৰ ভাল উৎস বুলি গণ্য কৰা হয়, যিটো শৰীৰৰ পেশীৰ বৃদ্ধি আৰু মেৰামতিৰ বাবে অপৰিহাৰ্য বুলি বিবেচিত হয়।


৩) মেদবহুলতা:- কণী খোৱাৰ ফলত আমি দীৰ্ঘদিনলৈ ভোক অনুভৱ নকৰাকৈ থাকো, যাৰ বাবে আমি অতিমাত্ৰা খাদ্য খোৱাৰ পৰা বিৰত থাকোঁ আৰু আমাৰ ওজন নিয়ন্ত্ৰণ কৰিব পাৰো।


৪) চকু:- কণীত লুটিন আৰু জিএক্সান্থিন থাকে, যিবোৰ চকুৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ আৰু ইয়ে চকুৰ ছানি পৰাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।


৫) হাড়:- কণীত ভিটামিন ডি থাকে, যিয়ে কেলচিয়াম শোষণত সহায় কৰে। কণী খালে হাড় মজবুত কৰিব পাৰি।


৬) স্মৃতিশক্তি:- কণীত কলিন থাকে, যিটো মগজুৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। যদি আপুনি মেম’ৰী বৃদ্ধি কৰিব বিচাৰে তেন্তে আপুনি কণী খাব পাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button