দেশ তথা ৰাজ্যত নিৰ্বাচনী ফলাফলৰ সফল সামৰণি

নিউজ ডেক্স, ৫ জুনঃ
সমগ্ৰ দেশ তথা ৰাজ্যত অষ্টাদশ লোকসভা নিৰ্বাচনৰ সফল সামৰণি। ৰাজ্যৰ লগতে দেশৰ প্ৰতিটো সমষ্টিত কালিৰ দিনটোত অৰ্থাৎ ৪ জুনত উৎকণ্ঠাৰ অন্ত পেলাই নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ’ল। কাৰ হাতলৈ শাসনৰ বাঘজৰী যাব,কোনে ৰাজপাটত বহিব,কোনে চৰকাৰ গঠন কৰিব তাক লৈ বিভিন্ন ধৰণৰ চৰ্চা অব্যাহত আছিল ৰাজ্যৰ লগত দেশৰ নিৰ্বাচনী প্ৰেক্ষাপটত।
ভোট গণনাৰ সময়ত প্ৰতি মূহুৰ্তত ৰাজনৈতিক দৃশ্য পট সলনি হৈছিল। ভোট গণনা লগতে কোনো সমষ্টিত এবাৰ যদি বিজেপি প্ৰাৰ্থী আগুৱাই গৈছিল এবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আগুৱাইছিল।কি হ’ব নিৰ্বাচনী ফলাফল তাক লৈ বিভিন্ন ধৰণে কৌতূহল বাঢ়ি গৈছিল। নিৰ্বাচনী যুঁজ খন বিজেপি আৰু কংগ্ৰেছৰ মাজত আকৰ্ষণীয় হোৱা পৰিলক্ষিত হৈছিল।অসমৰ ৫২ টা ভোট কেন্দ্ৰ ভোট গণনা কৰা হৈছিল ।
অসমৰ চৈধ্য লোকসভা সমষ্টিৰ ভিতৰত আটাইতকৈ চৰ্চিত লোকসভা সমষ্টি যেনে গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, নগাঁও, কাজিৰঙা, দৰং – ওদালগুৰি আদি লোকসভা সমষ্টিৰ ভিতৰত আকৰ্ষণীয় যুঁজ পৰিলক্ষিত হৈছিল। গুৱাহাটী লোকসভা সমষ্টিৰ দুজনী মহিলা প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছিল। গুৱাহাটী লোকসভা সমষ্টিৰ পৰা বিজেপিৰ বিজুলী কলিতা মেধি বৃহৎ জয় লাভ কৰিছিল মীৰা বৰঠাকুৰৰ বিপৰীতে। আনহাতে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ বিপুল সংখ্যক ভোটত জয়লাভ কৰিছে। বিজেপিৰ তপন গগৈৰ পৰাজয় বৰণ। তাৰ সমান্তৰালকৈ ডিব্ৰুগড় লোকসভা সমষ্টিত অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈক হৰুৱাই বৃহৎ জয় সৰ্বানন্দ সোণোৱালৰ। লখিমপুৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰদান বৰুৱাৰ বিপুল ভোটত জয়লাভ। দৰং- ওদালগুৰি লোকসভা সমষ্টিৰ পৰা দিলীপ শইকীয়া জয়লাভ কৰিছে।নৱগঠিত কাজিৰঙা সমষ্টিত বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা, নগাঁওত কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ, ডিফুত বিজেপিৰ অমৰ সিং তিছ’, শিলচৰত পৰিমল শুক্লবৈদ্য, কৰিমগঞ্জত বিজেপিৰ কৃপানাথ মাল্লা, বৰপেটাত অগপৰ ফণী ভুষণ চৌধুৰী, কোকৰাঝাৰত জয়ন্ত বসুমতাৰী, শোণিতপুৰত বিজেপিৰ ৰঞ্জিত দত্তৰ বিজয় সাব্যস্ত।
বেলট পেপাৰত ৰাতিপুৱা ভাগৰে পৰা যি ভোট গণনা আৰম্ভ হৈছিল সেইমতে প্ৰতিটো লোকসভা সমষ্টিৰ ফলাফল ঘোষণা কৰা হ’ল। সমগ্ৰ দেশত ৫৪৩ টা সমষ্টিত ৰাজ্যৰ সমান্তৰালকৈ দেশৰ নিৰ্বাচনী ফলাফল চাও তেনেহলে বিজেপি নেতৃত্বাধীন NDA ২৯২খন আসন লাভৰে চৰকাৰ গঠন কৰিবলৈ সাজু। বিৰোধী মিত্ৰজোঁট যথেষ্ট সংখ্যক আসন তথা ২৩৪ খন আসন লাভ কৰিছে আৰু অন্যান্য ১৮ খন লাভ কৰিছে।ৰাহুল গান্ধী ৱায়নাড সমষ্টিৰ পৰা জয়লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাৰাণসী সমষ্টিৰ পৰা জয়লাভ কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ বিপুল ভোটত জয়লাভ।
বিভিন্ন প্ৰত্যাহ্বান, বিভিন্ন ধৰণৰ ৰাজনীতিৰ ৰণকৌশলৰ মাজেৰে দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ সমাপ্তি ঘটিল। এতিয়া দিল্লীত চৰকাৰ কোনে গঠন কৰিব এক ডাঙৰ প্ৰশ্ন? যি দলে চৰকাৰ গঠন নকৰক কিয় চৰকাৰ গঠনৰ পিছত দেশৰ তথা ৰাজ্যৰ জনতাক কিদৰে সকাহ দিয়ে। আগন্তুক পাঁচ বছৰত জনতাক দিয়া প্ৰতিশ্ৰুতি কিদৰে সম্পন্ন কৰে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতৰ বিকাশ কিমান দূৰ আগবাঢ়ি যাব সেয়া সময়ত হ’ব লক্ষ্যনীয়।