দেশ এৰি পলাল শ্বেখ হাছিনা, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ।
নিউজ ডেক্স, ৫ আগষ্ট,
বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰাৰ পাছতেই ভনীয়েক ৰেহানাক লৈ এৰিছে বাংলাদেশ ৷ ‘ঢাকা পেলেচ’ ত্যাগ কৰি সেনাৰ হেলিকপ্তাৰেৰে পলায়ন প্ৰধানমন্ত্ৰী হাছিনাৰ । সূত্ৰৰ খবৰ অনুসৰি, ইয়াৰ পূৰ্বে বাংলাদেশৰ সেনা বাহিনীৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী হাছিনাক সময় বান্ধি দিয়া হয় পদত্যাগ কৰাৰ বাবে। ৪৫ মিনিট সময় তেওঁক দিয়া হৈছিল বুলি খবৰ। তাৰ পিছতে হাছিনাই পদত্যাগ কৰে। অনুসৰি, দেশ এৰাৰ আগত হাছিনাই জাতিৰ উদ্দেশ্যে ভাষণ এটা ৰেকৰ্ড কৰিব বিচাৰিছিল৷ কিন্তু তেওঁক সেই সুযোগো নিদিলে বাংলাদেশ সেনাই। কিছু সময় পিছতে জনতাক উদ্দেশ্যি ভাষণ দিয়ে বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে।
ইফালে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশ এৰি পলায়ন কৰাৰ খবৰ লাভ কৰাৰ পিছতেই প্ৰতিবাদকাৰীসকলে ৰাজপথত হৰ্ষোল্লাস কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে হিংসাত্মক ঘটনাই ভয়ংকৰ ৰূপ লৈছে বাংলাদেশত। বিগত কেইবাদনো ধৰি চৰকাৰ বিৰোধী আন্দোলন চলিছে বাংলাদেশত। আন্দোলনকাৰীসকলৰ দাবী আছিল – হাছিনা চৰকাৰৰ পদত্যাগ। দেওবাৰে বিক্ষোভকাৰীসকলৰ সৈতে আৰক্ষীৰ সংঘৰ্ষত শতাধিক লোকে প্ৰাণ হেৰুৱায়।
খ হাচিনাই বাংলাদেশ এৰাৰ পাছতেই বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্বেখ মুজিবুৰ ৰহমানৰ মূৰ্তিও ভাঙি লণ্ডভণ্ড কৰিলে প্ৰতিবাদকাৰীয়ে। শ্বেখ হাছিনাৰ চৰকাৰী বাসগৃহ জনতাৰ দখলত। আগৰতলাত অৱতৰণ শ্বেখ হাছিনাৰ বিমান। ত্ৰিপুৰা আৰক্ষীয়ে নিশ্চিত কৰিছে এই তথ্য