National

দেশৰ ৰাষ্ট্ৰপতি ভৱনৰ দুটাকৈ হলৰ পুনৰ নামাকৰণ

নিউজ ডেক্স, ২৫ জুলাইঃ

সলনি হ’ল দেশৰ ৰাষ্ট্ৰপতি ভৱনৰ ‘দৰবাৰ হল’ আৰু ‘অশোক হল’ৰ নাম।দৰবাৰ হলক ‘গণতন্ত্ৰ মণ্ডপ’ আৰু অশোক হলক ‘অশোক মণ্ডপ’ হিচাপে পুনৰ নামকৰণ কৰা হৈছে।

ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হল হৈছে ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ দৰে গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহ উদযাপনৰ এটা বিশেষ স্থান। য’ত এই বিশেষ অনুষ্ঠান বোৰ অনুষ্ঠিত হয়।
‘দৰবাৰ’ শব্দটোৱে ভাৰতীয় শাসক আৰু ব্ৰিটিছসকলৰ আদালত আৰু সভাক বুজায়।

বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিৰ সচিবালয়ৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে ‘গণতন্ত্ৰ’ৰ ধাৰণাটো প্ৰাচীন কালৰ পৰাই ভাৰতীয় সমাজত গভীৰভাৱে নিহিত হৈ আছে, যাৰ ফলত ‘গণতন্ত্ৰ মণ্ডপ’ ভৱনটোৰ বাবে এক উপযুক্ত নাম হৈ পৰিছে।ৰাষ্ট্ৰপতি দ্ৰুপদী মুৰ্মু সদৰী কৰিলে এই কথা।

ৰাষ্ট্ৰপতি ভৱন ভাৰতবাসীৰ এক অমূল্য ঐতিহ্য। ৰাষ্ট্ৰপতি ভৱনত মানুহৰ সুবিধা সহজ কৰি তোলাৰ বাবে অহৰহ প্ৰচেষ্টা চলোৱা হৈছে। ইয়াৰ উপৰিও ৰাষ্ট্ৰপতি ভৱনৰ পৰিৱেশক ভাৰতীয় সাংস্কৃতিক মূল্যবোধৰ প্ৰতীক হিচাপে গঢ়ি তোলাৰ বাবেও প্ৰচেষ্টা চলোৱা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button