Political

দেশৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা নীতিশ-নাইডুৰ

নিউজ ডেক্স, ৬ জুনঃ

অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা পিছত দেশত কোনে চৰকাৰ গঠন কৰিব তাক লৈ বিভিন্ন কুচ-কাৱাজ, আলোচনা পৰিলক্ষিত হৈছিল। নিৰ্বাচনৰ ফলাফল পিছত বিৰোধী মিত্ৰজোঁট তৎপৰ হৈছিল চৰকাৰ গঠনৰ বাবে। কেন্দ্ৰত বিশেষ বৈঠকৰ আহ্বান জনাইছিল মল্লিকাৰ্জুন খাৰ্গে। তাৰ সমান্তৰালকৈ বিজেপি তথা বিজেপিৰ নেতৃত্বাধীন NDA বিশেষ বৈঠক আহ্বান জনাইছিল।

এই বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা পিছত বিৰোধী মিত্ৰজোঁট সিদ্ধান্ত লৈছিল। এতিয়াই চৰকাৰ গঠনৰ দাবী নোতোলে বিৰোধীয়ে, সঠিককৈ সময়ত সিদ্ধান্ত ল’ব বিৰোধীয়ে। তাৰ বিপৰীতে বিজেপি চৰকাৰ গঠন কৰাৰ বাবে সাজু হৈছে। ৮ জুনত শপতনামা গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পুনৰ বাৰ জৱাহৰলাল নেহৰুৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে।

এইবাৰ লোকসভা নিৰ্বাচনত চৰ্চালৈ আহিছে মৰ্চা চৰকাৰ।সৰ্বশক্তি প্ৰয়োগ কৰিও একক সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ বিজেপি ব্যৰ্থ হৈছিল যাৰ ফলত দেশৰ ৰাজনীতিত পুনৰ বাৰ মৰ্চা চৰকাৰৰ প্ৰসংগ আহি পৰিছিল। বিজেপি মেজিক নাম্বাৰ ২৭২ লাভ কৰিবলৈ সক্ষম হোৱা নাই। তাৰ বিপৰীতে বিজেপিয়ে নিজাকৈ ২৪০খন আসন লাভ কৰিছিল।নিৰ্বাচনত কেৱলমাত্ৰ ৪০০ সলনি ২৪০ খন আসন লাভ কৰিবলৈ সক্ষম হ’ল। একপ্ৰকাৰৰ সংকটত ভুগিছিল বিজেপি চৰকাৰৰ।
বিৰোধীয়ে নিজাকৈ ৯৯ আসন লাভৰ লগতে ২৩৪খন আসন লাভ কৰিবলৈ সক্ষম হয়।তেনে পৰিপ্ৰেক্ষিতত এন ডি এৰ সহযোগ নহ’লে বা নীতিশ নাইডুৱে সমৰ্থন নিদিলে চৰকাৰ গঠন কৰিবলৈ কিছু জটিল পৰিস্থিতিত পৰিলে হয় মোডীৰ চৰকাৰ। কিয়নো বিৰোধী তৎপৰ হৈ আছে। নীতিশ কুমাৰ নেতৃত্বাধীন জে ডি ইউ আৰু চন্দবাবু নাইডুৰ তেলেগু দেশম পাৰ্টি লাভ কৰা ২৮ খন আসনৰ জৰিয়তে কেন্দ্ৰত চৰকাৰ গঠনৰ বাবে সাজু হৈছে। কিন্তু তাৰ মাজতে নীতিশৰ লুটিবাগৰ মৰা ৰাজনীতিক লৈ সংকিত গেৰুৱা দল। যি দাবী অথবা আলোচনাৰে বিজেপিৰ সৈতে এক হৈছে সেই দাবী পূৰণ নহ’লে শেষ সময়ত সলনি হ’ব পাৰে দেশৰ নিৰ্বাচনী অংক। ৮ জুনলৈ কি হ’ব, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰি দেশত চৰকাৰ গঠন হয়নে নহয় সেয়া সময়ত হ’ব লক্ষ্যনীয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button