Crime

দূৰ্নীতিগ্ৰস্ত অভিযন্তা জয়ন্ত গোস্বামীক দূৰ্নীতি নিবাৰকৰ হাতত গ্ৰেপ্তাৰ কৰোৱাই কাল হ’ল নেকি ঠিকাদাৰ সুনীল গগৈৰ ?

নিউজ ডেক্স, ২ জুনঃ এক শিহৰণকাৰী হত্যাকাণ্ডৰ বলি হ’ল ঢকুৱাখনা কাৰিকৰী বিভাগৰ ঠিকাদাৰ সুনীল গগৈ। ঘটনাৰ স্থান ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত লাওকোঠ নাহৰণী পথাৰ। লাওকোঠ নাহৰণী পথাৰত বৰ্বৰভাৱে হত্যা কৰি বিবস্ত্ৰ কৰি জ্বলাই মূৰ কাটি লৈ যায় সুনীল গগৈ নামৰ ঠিকাদাৰজনৰ। নিজা বাসগৃহৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত অৱস্থিত চুমনীত সুনীল গগৈক প্ৰথমে হত্যা কৰি পাছত পথাৰতে মজুত ৰখা বাঁহেৰে জ্বলাই দিয়ে। সম্পূৰ্ণ বিবস্ত্ৰ কৰি অৰ্ধদগ্ধ হোৱাৰ পাছত গগৈৰ মূৰ কাটি লৈ যায় ঘাটকে। ঘটনাস্থলীত উদ্ধাৰ ঠিকাদাৰজনৰ স্পৰ্টিং , এখন চোকা দা, এজোৰ পৰিহিত চেণ্ডেল, এডাল বাঁহৰ লাঠি ।

উল্লেখযোগ্য যে শনিবাৰৰ নিশা প্ৰায় ৮ বজাত নিজা ঘৰৰ ওলাই আহিছিল সুনীল গগৈ। আশংকা কৰা মতে গগৈক হত্যাকাৰীয়ে হত্যা কৰি মূৰটো কাটি নিয়াৰ লগতে চুমনীত জেওৰা ভেটিবলৈ মজুত ৰখা বাঁহেৰে মৃতদেহ জ্বলাই দিয়ে। পিছত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰি চুমনীৰ মাজত একোৰা জুই জ্বলি থকাৰ সম্ভেদ পাই চাবলৈ আহিহে প্ৰত্যক্ষ কৰে এই মৰ্মান্তিক ঘটনা ।

উল্লেখনীয় যে এইগৰাকী নীতিনিষ্ঠ ঠিকাদাৰৰ অভিযোগৰ ভিত্তিতে দুৰ্নীতিগ্ৰস্ত কাৰ্যবাহী অভিযন্তা জয়ন্ত কুমাৰ গোস্বামীক এন্টিকৰাপচন বিভাগে গ্ৰেপ্তাৰ কৰি লাখে লাখে টকা উদ্ধাৰ কৰিছিল গোস্বামীৰ বাসগৃহৰ পৰা।

এটা গুৰুত্বপূৰ্ণ বিভাগৰ সংমণ্ডল কাৰ্যালয়লৈ ভয়ানক প্ৰত্যাহ্বান হিচাবে থিয় হোৱা ঠিকাদাৰৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে। ৰাইজে জনস্বাস্থ্য বিভাগৰ উক্ত ঘটনাৰ বাবেই ঠিকাদাৰ সুনীল গগৈক পৰিকল্পিতভাৱে হত্যা কৰা বুলি আশঙ্কা প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button