দিল্লী দখল কৰিব বিজেপিয়ে। ৰাষ্ট্ৰপতি ভৱনত ব্যাপক প্ৰস্তুতি!
নিউজ ডেক্স, ৯ জুনঃ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত সকলো জল্পনা কল্পনাৰ অন্ত পেলাই আজি শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। আজি সন্ধিয়া ৭.১৫ বজাত শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে।শপত গ্ৰহণ কৰাব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।অষ্টাদশ লোকসভা নির্বাচনত হেটট্রিক অভিলেখ গঢ়ি নতুন চৰকাৰ গঠনৰ বাবে সাজু হৈছে বিজেপি।
শপত গ্ৰহণৰ বাবে নিৰাপত্তাৰ মাজত ৰাষ্ট্ৰপতি ভৱনত ব্যাপক প্ৰস্তুতি। দিল্লীত ব্যাপক সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নতুন দিল্লীত ১৪৪ ধাৰা বলৱৎ কৰাৰ লগতে নতুন দিল্লীক উৰণ নিষিদ্ধ এলেকা ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ চৌদিশে কমেও ৫০০ চি চি টিভি মোটায়ন কৰা হৈছে। কেমেৰাৰে নিৰন্তৰ নিৰীক্ষণ কৰা হৈছে। আঢ়ৈ হাজাৰ জোৱান মোতায়েন কৰা লগতে ৰাষ্ট্ৰপতি ভৱনৰ আশে-পাশে থকা উচ্চ অট্টালিকাত এন এছ জি কমাণ্ডো আৰু বন্দুকধাৰী নিয়োগ কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ চৌদিশৰ সংসদ মাৰ্গত কেৱল অনুমতি প্ৰাপ্ত বাহনৰ চলাচলৰ অনুমতি দিয়া হৈছে।
প্রধানমন্ত্রী মোডীৰ এই শপতগ্রহণ কাৰ্যসূচীত অংশ ল’বলৈ বিশ্বৰ কেইবাখনো বিদেশ ৰাষ্ট্ৰৰ ৰাষ্ট্রপ্রধানে আমন্ত্রণ লাভ কৰিছে। ইতিমধ্যে ৰাষ্ট্ৰনেতাৰ আগমনৰে
ভৰি পৰিছে ৰাজধানী দিল্লীৰ বাকৰি।শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি ৰনিল ৱিক্ৰমাসিংঘে, মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজ্জু, চিচেলৰ উপ ৰাষ্ট্ৰপতি আহমেদ আফিফ উপস্থিত থাকিব এই অনুষ্ঠানত।বাংলাদেশ, নেপাল, মৰিচাচ আৰু ভূটানৰ প্ৰধানমন্ত্ৰী সকল উপস্থিত থাকিব । দেশৰ গণ্য মান্য লোকৰ লগতে শাসকীয় আৰু বিৰোধী দুয়োটা দলৰ ৰাজনৈতিক নেতা,নতুন সংসদ নির্মাণ প্রকল্পত কাম কৰা শ্ৰমিকসকল,বন্দে ভাৰত ৰে’ল আৰু মেট্ৰ’ প্রকল্পত কাম কৰা শ্ৰমিকসকল,চলচ্চিত্র, ক্রীড়া, শীর্ষ উদ্যোগপতিকে আদি কৰি বিভিন্নজনলৈ নিমন্ত্রণ পত্র প্ৰেৰণ কৰা হৈছে ।এই অনুষ্ঠানত কমেও ৮ হাজাৰ বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব।