InternationalSports

দবা খেলত সফলতাৰে আগুৱাইছে ৰমেশবাবু প্ৰজ্ঞানন্দ

নিউজ ডেক্স, ৩ জুনঃ ভাৰতৰ বিস্ময় বালক হিচাপে পৰিচিত ৰমেশবাবু প্ৰজ্ঞানন্দ। বিস্ময়কৰ বালক হোৱাৰ লগতে ভাৰতৰ দবা খেলৰ গ্ৰেণ্ড মাষ্টাৰ হিচাপে পৰিচিত ৰমেশবাবু প্ৰজ্ঞানন্দ। নিজৰ প্ৰতিভাৰ বলত তথা দুৰ্দান্ত প্ৰদৰ্শনৰে
প্ৰজ্ঞানন্দই বিশ্বৰ এক নম্বৰ দবাৰু মেগনাছ কাৰ্লছেনক হৰুৱাবলৈ সক্ষম হৈছিল।

শেহতীয়াকৈ নৰৱেত অনুষ্ঠিত দবা খেলত প্ৰজ্ঞানন্দৰ মগজাস্ত্ৰত পৰাস্ত হয় বিশ্বৰ দুই নম্বৰ দবাৰু তাৰকা ফেবিয়ানো কাৰুৱানা। ইয়াৰ পূৰ্বে কাৰ্লছেনক পৰাভূত কৰাৰ পিছত পৰৱৰ্তী ৰাউণ্ডত আমেৰিকাৰ নাকামুৰাৰ বিৰুদ্ধে পৰাস্ত হৈছিল ৰমেশবাবু প্ৰজ্ঞানন্দ। শীৰ্ষ স্থান হেৰুৱাইছিল প্ৰজ্ঞানন্দই। এই পৰাজয়ৰ পিছত পঞ্চম পৰ্যায়ত নিজৰ দুৰ্দান্ত প্ৰতিভাৰে ইটালীৰ ফেবিয়ানো কাৰুৱানাক পৰাভূত কৰিবলৈ সক্ষম হয়।

নৰৱে’ত অনুষ্ঠিত ধ্ৰুপদী দবাত চমকপ্ৰদ তথা সফলতাৰে প্ৰজ্ঞানন্দই বিশ্বৰ শীৰ্ষ দহ খেলুৱৈৰ ৰেংকিঙত প্ৰৱেশ কৰিছে। সম্প্ৰতি প্ৰজ্ঞানন্দৰ পইণ্ট ৮.৫। দবা খেলৰ এই প্ৰতিযোগিতাত ১০ পইণ্টেৰে নাকামুৰা শীৰ্ষ স্থানত থকাৰ বিপৰীতে প্ৰজ্ঞানন্দ আছে তৃতীয় স্থানত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button