তীৰ্থ নগৰী হাজোত নৃশংস হত্যাকাণ্ড!এসাজ ভাতৰ বাবেই পত্নীক লাঠীৰে মৰিয়াই হত্যা কৰিলে পাষান স্বামীয়ে

নিউজ ডেক্স, ২১ জুনঃ
তীৰ্থ নগৰী হাজোৰ দিহিনাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। এসাজ ভাতৰ বাবেই পত্নীক লাঠীৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে পাষান স্বামীয়ে। মৃত মহিলা গৰাকীৰ নাম ৰিজুমা খাতুন। মৃত মহিলা গৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি স্বামী গৃহৰ লোকে লোৰ পাইপেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে ৰিজুমা খাতুনক। উল্লেখ্য যে, ৰিজুমাৰ স্বামী তথা স্বামীৰ পৰিয়ালৰ লোকে দীৰ্ঘ দিন ধৰি ৰিজুমাৰ ওপৰত চলাই আহিছিল শাৰীৰিক তথা মানসিক অত্যাচাৰ। আনকি বিভিন্ন সময়ত ৰিজুমাৰ স্বামীৰ পৰিয়ালে যৌতুক দাবী কৰি আহিছিল।এই অভিযোগ ৰিজুমাৰ পৰিয়ালৰ।
আনহাতে হত্যাকাৰী স্বামী ছাহজাহান আলীয়ে সাংবাদিকক জনোৱা মতে , দুপৰীয়া ভাতসাঁজ বাঢ়ি নিদিয়াৰ বাবেই খঙৰ ভমকত এই নৃশংস কাণ্ড সংঘটিত কৰিলে ছাহজাহানে। বাৰম্বাৰ কোৱাৰ পিছতো ছাহজাহানক ভাত বাঢ়ি দিয়া নাছিল পত্নী ৰিজুমাই। সেয়ে মৰিয়াই মৰিয়াই হত্যা কৰি নিজৰ ঘৰৰ মজিয়াত তেজেৰে তুমুৰুলি অৱস্থাত পেলাই থৈ দিলে পত্নীৰ নিথৰ দেহ।
ততাতৈয়াকৈ চেঙাৰ পৰা হাজো থানাত আহি উপস্থিত হয় মহিলাগৰাকীৰ মাতৃগৃহৰ লোক আৰু স্বামী ছাহজাহান আৰু পৰিয়ালৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। ঘটনাস্থলীত নিশাই হাজো আৰক্ষী উপস্থিত হৈ মহিলাগৰাকী মৃতদেহ উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী পাষাণ স্বামী ছাহজাহান আলীক আটক কৰে।