ডেৰ বছৰৰ মূৰত দেশলৈ উভতিব পুত্ৰসহ ৱাহিদা বেগম, পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছিল ৱাহিদা

পাকিস্তানৰ কাৰাগাৰৰ
নিউজ ডেক্স,২৯ মে’
পাকিস্তানৰ কাৰাগাৰৰ পৰা আজি মুকলি হ’ব অসমৰ ৱাহিদা বেগম। নগাঁৱৰ ৱাহিদাক পাকিস্তানে আজি ভাৰতৰ হাতত অৰ্পণ কৰিব। ৱাঘা সীমান্তৰে ৱাহিদাক ভাৰতক প্ৰত্যৰ্পণ কৰিব পাকিস্তানে। BSFৰ হাতত পাকিস্তানে ১১ বছৰীয়া পুত্ৰৰ সৈতে গতাই দিব ৱাহিদাক৷
উল্লেখযোগ্য যে ২০২২ চনৰ নৱেম্বৰৰ পৰা পুত্ৰৰ সৈতে নিখোজ হৈছিল ৱাহিদা বেগম। চেলিম খান নামৰ এজন ব্যক্তিৰ সৈতে অন্তৰ্ধান হৈছিল ৱাহিদা৷ মাতৃ আৰিফা খাতুনে নগাঁও আৰক্ষী চকীত দাখিল কৰিছিল নিৰুদ্দেশ সম্পৰ্কত এজাহাৰ।
যোৱা বছৰ জানুৱাৰী মাহত পাকিস্তানৰ এজন অধিবক্তাৰ পৰা হোৱাট্ছএপৰ জৰিয়তে দেশখনৰ আইনী জাননীৰ প্ৰতিলিপি লাভ কৰিছিল ৱাহিদাৰ মাতৃয়ে। সেই জাননীৰ প্ৰতিলিপি পাকিস্তানস্থিত ভাৰতীয় দূতাবাসলৈও প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰা হৈছিল। ২০২২ চনৰ ২৫ নৱেম্বৰত পাকিস্তানত গ্ৰেপ্তাৰ হোৱা বুলি খবৰ পাইছিল মাতৃ আৰিফা খাতুনে।
তাৰ পিছতে মাতৃয়ে দিল্লীৰ এজন অধিবক্তাৰ সৈতে যোগাযোগ কৰি দিল্লীস্থিত বৈদেশিক মন্ত্ৰণালয় আৰু ভাৰতত থকা পাকিস্তানৰ দূতাবাসৰ কাষ চাপিছিল আৰিফা খাতুনে। কোনো পক্ষৰ পৰা সহায় নোপোৱাত আৰিফা খাতুনে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰিফা। অৱশেষত সৰ্বোচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত তথা বৈদেশিক আৰু গৃহ মন্ত্ৰণালয়ৰ তৎপৰতাত পুত্ৰৰ সৈতে ৱাহিদা বেগমৰ প্ৰত্যৰ্পণ সম্ভৱ হ’ব আজি।