ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত চাঞ্চল্যকৰ ঘটনা
নিউজ ডেক্স, ১৪ জুনঃ
ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত চাঞ্চল্যকৰ ঘটনা। জেলৰ ভিতৰত মৃত্যু হোৱা এজন কয়দীৰ ঘটনাক লৈ এক উত্তেজনাময় পৰিৱেশ। ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত লেঙেৰীৰ ২ নং গন্ধীয়া পুৰণি গাঁৱৰ এজন কয়দীৰ মৃত্যু হয়। যুৱকজনক মৃত অৱস্থাত চমজাই দিয়ে কাৰাগাৰ কৰ্তৃপক্ষই। বৃহস্পতি বাৰে জামিন লাভ কৰাত যুৱকজনক পৰিয়ালৰ লোকে আনিবলৈ গৈছিল
কিন্তু হুইল চেয়াৰত বহুৱাই মৃত যুৱকক গতালে পৰিয়ালক।
বামুণবাৰীৰ যুৱকক আৰক্ষীৰ পৰিকল্পিত হত্যা নেকি তাক লৈ সন্দেহ প্ৰকাশ স্থানীয় ৰাইজ তথা পৰিয়ালৰ লোকৰ। মানৱ অধিকাৰ লংঘনৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে জে’ল কতৃপক্ষৰ বিৰুদ্ধে। আচলতে কি হৈছিল কেন্দ্ৰীয় কাৰাগাৰত তাক লৈ সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্ত্তত।
তিনিদিন পূৰ্বে যুৱক জনক কাৰাগাৰলৈ অনা হৈছিল
আৰু দিনৰ ভাগত জেললৈ প্ৰেৰন কৰিছিল । পত্নীয়ে দিয়া এক গোচৰৰ ভিত্তিত বামুণবাৰী আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰিছিল ।ইয়াৰ পিছতে বৃহস্পতি বাৰে জামিন লাভ কৰাত যুৱকজনক পৰিয়ালৰ লোকে আনিবলৈ গৈছিল । আশ্বৰ্যজনক ভাৱে যুৱকজনক মৃত অৱস্থাত চমজাই দিয়ে কাৰাগাৰ কৰ্তৃপক্ষই । অসুস্থ সজাই হুইল চেয়াৰত বহুৱাই মৃত যুৱকক চমজাই দিয়াৰ পিছত সমগ্ৰ ঘটনা সন্দৰ্ভত উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়। পৰিয়ালৰ লোকে খবৰ লোৱাত অসুস্থ বুলি কোৱা কোনো ৰিপোৰ্ট আৰক্ষীয়ে দেখুওৱা নাই। মৃতকৰ দেহত আঘাতৰ চিন। বামুণবাৰী আৰক্ষীৰ বিৰুদ্ধে সন্দেহৰ আঙুলি পৰিয়ালৰ লোকৰ । আটকাধীন অৱস্থাত আৰক্ষীয়ে যুৱকজনক গুৰত্বৰভাৱে মাৰ-পিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ।পৰিয়ালৰ লোকে মৃতদেহ গ্ৰহণ নকৰাৰ লগতে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে।