টেলিগ্ৰামৰ সৈতে অপৰাধমূলক কাৰ্য সংঘটিত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ CEO পাভেল ডুৰভক
নিউজ ডেক্স, ২৫ আগষ্টঃ
মেচেজিং এপ টেলিগ্ৰামৰ মুৰব্বী পাভেল ডুৰভক গ্ৰেপ্তাৰ কৰিলে ফ্ৰান্সৰ আৰক্ষীয়ে। ফ্ৰান্সৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ব্যক্তিগত বিমানেৰে ফ্ৰান্সৰ বুৰ্গেট বিমান বন্দৰত অৱতৰণ কৰাৰ সময়তে পাভেল ডুৰভক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
খবৰৰ তথ্য অনুসৰি মেচেজিং এপ টেলিগ্ৰামৰ সৈতে জড়িত অপৰাধৰ বাবে ৩৯ বৰ্ষীয় ডুৰভক ৱাৰেণ্টৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। পেৰিছ আৰক্ষীৰ জিম্মাত থকা ডুৰভৰ বিৰুদ্ধে আছে বহু কেইটা গুৰুতৰ অভিযোগ।
এই এপৰ জৰিয়তে যথেষ্ট অপৰাধমূলক কাৰ্য সংঘটিত হোৱাৰ অভিযোগ আছে। টেলিগ্ৰামৰ জৰিয়তেই দেশসমূহত অপৰাধে নতুন ৰূপ লোৱাৰো অভিযোগ আছে। আনকি ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত টেলিগ্ৰামেও অৱদান আগবঢ়াইছে বুলি বিশ্লেষকসকলে অভিযোগ কৰিছে
২০২৩ চনত পাভেল ডুৰভৰ নাম ফৰ্বছৰ বিলিয়নাৰৰ তালিকাতো সন্নিৱিষ্ট হৈছিল। ৰাছিয়াত জন্মগ্ৰহণ কৰিলেও ডুৰভ পাৱেলে অৱশ্যে পৰৱৰ্তী সময়ত ফ্ৰান্সৰ নাগৰিকত্ব গ্ৰহণ কৰি টেলিগ্ৰামৰ মুখ্য কাৰ্যালয় ডুবাইলৈ স্থানান্তৰ কৰা বুলিও ফ্ৰান্স আৰু ৰাছিয়াৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে।