Sports

টি -২০ বিশ্বকাপৰ ভাৰতীয় দলৰ অধিনায়ক ঘোষণা,দলৰ নেতৃত্বত নাই হাৰ্ডিক পাণ্ডিয়া

নিউজ ডেক্স, ১৯ জুলাইঃ

ৰাহুল দ্ৰাবিড়ৰ স্থানত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ গৌতম গম্ভীৰৰ। নিজৰ ধৰণেৰে নিৰ্বাচন কৰিলে ভাৰতৰ টি -২০ বিশ্বকাপৰ দলৰ অধিনায়ক।নিৰ্বাচকৰ সৈতে আলোচনাৰ সময়ত গম্ভীৰে সূৰ্য কুমাৰ
যাদৱক পৰৱৰ্তী টি -২০ বিশ্বকাপলৈ ভাৰতীয় দলৰ নেতৃত্বত বিচাৰিছিল।

ইয়াৰ পিছত শ্ৰীলংকাৰ ভ্ৰমণৰ বাবে ঘোষণা কৰা ভাৰতৰ টি -২০ দলটোৰ নেতৃত্ব দিয়া হয় সূৰ্য কুমাৰ যাদৱক।সহ অধিনায়কৰ দায়িত্বত থাকিলেও বাদ পৰে হাৰ্ডিক পাণ্ডিয়া।হাৰ্ডিক পাণ্ডিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে টি -২০ খেলিলেও ব্যক্তিগত কাৰণৰ বাবে এদিনীয়া শৃংখলাত ভাগ নলয়।

টি -২০ বিশ্বকাপৰ দলৰ সহ অধিনায়কৰ দায়িত্বত আছে শুভমন গীল। শ্ৰীলংকাৰ ভ্ৰমণৰ লগতে ভাৰতৰ টি -২০ এদিনীয়া দলটো ঘোষণা কৰা হয়। ভাৰতীয় দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে তিনি খন টি -২০আৰু সমসংখ্যক এদিনীয়া খেলিব। প্ৰথমখন টি -২০ অনুষ্ঠিত হ’ব ২৭ জুলাইত।

টি -২০ পিছত এদিনীয়া দলটো স্থান লাভ কৰিছে ৰিয়ান পৰাগে। বি চি চি আইৰ ঘৰুৱা প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শন বাবে অসমৰ ৰিয়ান পৰাগে স্থান পাইছে।জিম্বাব’ৱেত প্ৰদৰ্শনত ব্যৰ্থ হ’লেও আস্থা ৰাখিছে জাতীয় নিৰ্বাচকসকলে। অপ্ৰত্যাশিতভাৱে বাদ পৰে অভিষেক শৰ্মা আৰু ৰুতুৰাজ গাইকোৱাড।

শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় এদিনীয়া দলটোঃ ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, কে এল ৰাহুল (উইকেট কীপাৰ), ঋষভ পন্ত (উইকেট কীপাৰ), শ্ৰেয়ছ আয়াৰ, শিৱম ডুবে, কুলদীপ যাদৱ, মহম্মদ ছিৰাজ, ৱাশ্বিংটন সুন্দৰ, অৰ্শ্বদীপ সিং, ৰিয়ান পৰাগ, অক্ষৰ পেটেল, খলিল আহমেদ, হৰ্ষিত ৰাণা।

শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় টি-২০ দলটোঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গিল, যশস্বী জয়ছোৱাল, ৰিংকু সিং, ৰিয়ান পৰাগ, ঋষভ পন্ত (উইকেট কীপাৰ), সঞ্জু চেমচন (উইকেট কীপাৰ), হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণই, অৰ্শ্বদীপ সিং, খলিল আহমেদ, মহম্মদ ছিৰাজ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button