Uncategorized

জীৱন যুজত হাৰ নমনা গহপুৰ চন্দামাৰী বঙালী গাৱঁৰ এজন যুৱ কৃষক,দুয়োখন ভৰিৰ অবিহনে কৰি গৈছে কৃষিকৰ্ম গোপাল নাগে

নিউজ ডেক্স, ১২ জুনঃ
জীৱন যুজত হাৰ নমনা গহপুৰ চন্দামাৰী বঙালী গাৱঁৰ এজন যুৱ কৃষক গোপাল নাগ। ২০১৪ চনত গুৱাহাটী যোৰাবাটৰ মাজভাগৰ এক পথ দুৰ্ঘটনাত হেৰুৱাব লগা হৈছিল দুয়োখন ভৰি!
৫ বাৰকৈ চিকিৎসকে অস্ত্ৰোপ্ৰচাৰ কৰিও বচাব নোৱাৰিলে গোপাল নাগৰ দুয়োখন ভৰি । গোপাল নাগৰ দুয়োখন ভৰি নাই যদিও তেওঁ এতিয়া বহুত সুখী। তেওঁ এতিয়া এগৰাকী সফল কৃষক।সুস্থ সবল এজন মানুহৰ দৰেই সকলো কৃষি কাৰ্য নিজেই কৰে। গোপাল এতিয়া ব্যস্ত শালিধানৰ খেতিত। গোপালে নিজে কোৰ মৰা,পাৱাৰটিলা চলোৱা,কঁঠিয়া সিঁচা সকলোবোৰ কৰে। শাক-পাছলি যেনে লেচেৰা,বেঙেনা, ভোটজলকীয়া,সকলোবোৰ খেতি কৰে গোপালে। নিজৰ চাহবাগানত দিনৰ দিনটো ব্যস্ত থাকে গোপালে। দুয়োখন ভৰি নথকা স্বতেও সকলো কাম অনায়াসে কৰিব পাৰে গোপাল নাগে। গোপালে জিলা ভিত্তিত লগতে মহকুমা ভিত্তিত কৃষক হিচাপে সন্মানো লাভ কৰিবলৈ সক্ষম হৈছে বিভিন্ন সময়ত।
হাঁহি হাঁহি সকলোবোৰ কাম অনায়াসে কৰি গৈছে গোপালে

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button