জিলা আয়ুক্তৰ সংবাদমেলত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

নিউজ ডেক্স, ২৯ জুলাই:
আজি জনতা ভৱনত জিলা আয়ুক্তসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয় বৈঠকত। তেওঁ কয় যে এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ জিলা ভ্ৰমণৰ সময়ত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক মিলি ১০খনৰ অধিক বাহন থাকিব নোৱাৰিব কনভয়ত।
আজি জনতা ভৱনত জিলা আয়ুক্তসকলৰ সৈতে বৈঠকত এই নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে। ভিআইপি সংস্কৃতি নোহোৱা কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণৰ ব্যৱস্থা । তেওঁ কয়, আমি নন ভিআইপি কালচাৰ কৰিব বিচাৰিছো। ৰাজনীতিৰ ব্যক্তিৰ কাৰণে এখন গাড়ী দিব। ডিচি, এছপি মিলি কনভয়ত ১০খনৰ অধিক গাড়ী হ’ব নোৱাৰিব মুখ্যমন্ত্ৰীৰ জিলা ভ্ৰমণৰ সময়ত।
ইয়াৰ লগতে মন্ত্ৰী – আমোলাৰ খাদ্য সূচী সন্দৰ্ভত তেওঁ ৰ বিশেষ ভূমিকা গ্ৰহণ।ষ্টেট গেষ্টৰ বাহিৰে বাকী কাকোৱে আমিষ খাদ্য খুৱাব নোৱাৰিব, বিভাগে খুৱালেও নহ’ব, এয়া কঠোৰ নিৰ্দেশ।অহা মাহত লখিমপুৰত কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় এতিয়াৰ পৰা গুৱাহাটীৰ বাহিৰত কেবিনেট হোৱাৰ দিনা মন্ত্ৰীসকল একেটা সময়তে নাযাব, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে যাব। নহ’লে সেই স্থানত এক বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি হয়।
লগতে চৰকাৰী অনুষ্ঠানত আমিষ খাদ্যৰ সলনি নিৰামিষ খাদ্যৰে আপ্যায়ন কৰিব লাগিব।মুখ্যমন্ত্ৰীয়ে কয়, ‘‘মোৰটো এনেও ডায়েবেটিছ আছে, মই নাখাওঁ। মানুহে ইমান নিগেটিভ কথা কয়, খোৱাৰ পিছত উলিয়াই দিম যেন লাগে।’’