জিম্বাবৱেলৈ উৰা মাৰিলে ১৫ জনীয়া ভাৰতীয় ক্ৰিকেট দল
নিউজ ডেক্স, ২ জুলাইঃ
জিম্বাবৱেলৈ উৰা মাৰিলে ১৫ জনীয়া ভাৰতীয় ক্ৰিকেট দলটি ।শুভমন গীলৰ নেতৃত্বত ৫ খনকৈ টি – ২০ খেলিব ভাৰতে ।৬ জুলাই, ৭ জুলাই ,১০ জুলাই,১৩ জুলাই আৰু ১৪ জুলাইত অনুষ্ঠিত হ’ব খেল ।
জিম্বাবৱেলৈ উৰা মাৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে বিশেষ ফটো ।এই খেলত ভাগ ল’ব অসম সন্তান ৰীয়ান পৰাগে। প্ৰথমবাৰৰ বাবে অসমৰ পৰা ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম অসম সন্তান।১২ নম্বৰ জাৰ্চী পিন্ধি খেল খেলিবলৈ সাজু ৰিয়ান। ইয়াৰ পূৰ্বে য়ুৱৰাজ সিং পৰিধান কৰিছিল এই জাৰ্চী।জিম্বাবৱেৰ হাৰাৰে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল।
জিম্বাবুৱেৰ শৃংখলাৰ বাবে ভাৰতীয় দলত দলত বহু কেইজন নতুন খেলুৱৈ স্থান পাইছে। আই পি এলত ৰিয়ানে দেখুওৱা প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলত স্থান লাভ ক্ৰিকেটাৰ গৰাকীৰ। দলৰ অধিনায়ক শুভমন গীলৰ নেতৃত্বত যশস্বী জয়ছৱাল, ৰুতুৰাজ গাইকৱাদ, অভিষেক শৰ্মা, ৰিংকু সিং, সঞ্জু চেমচন , ধ্ৰুৱ জুৰেল , শিৱম ডুবে, ৰিয়ান পৰাগ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণয়, আৱেশ খান , খলিল আহমেদ, মুকেশ কুমাৰ, তুষাৰ দেশপাণ্ডে থাকিব।